শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা দিল্লী বিধানসভা নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰে বিজেপিয়ে। কিন্তু ফলাফল ঘোষণাৰ ১০ দিন উকলি যোৱাৰ পিছতো দলটোৱে ঠিৰাং কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ নাম। ২৬ বছৰৰ মূৰত শাসনলৈ উভতি অহা বিজেপিয়ে মুখ্যমন্ত্ৰীৰ নাম এই পৰ্যন্ত নিশ্চিত কৰিব নোৱাৰিলেও নিশ্চিত হৈছে শপত গ্ৰহণৰ দিন আৰু সময়।
শেহতীয়াকৈ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ২০ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত অনুষ্ঠিত হ’ব দিল্লী চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। ইয়াৰ পূৰ্বে শপত গ্ৰহণ অনুষ্ঠান বিয়লি অনুষ্ঠিত হ’ব বুলি খবৰ ওলাইছিল। দিল্লীৰ ৰামলীলা ময়দানত হ’বলগীয়া এই অনুষ্ঠানৰ সময় কিয় সলনি কৰা হ’ল সেয়া জানিব পৰা হোৱা নাই।
শপত গ্ৰহণৰ এদিন পূৰ্বে অৰ্থাত ১৯ ফেব্ৰুৱাৰীৰ বিয়লি ৩ বাজি ৩০ মিনিটত বিজেপি বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকতে মুখ্যমন্ত্ৰীৰ নাম ঠিৰাং কৰা হ’ব।
উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল ফলাফল। ফলাফল ঘোষণাৰ ১০ দিন উকলি যোৱাৰ পিছতো বিজেপিয়ে মুখ্যমন্ত্ৰীৰ নাম নিশ্চিত কৰিব নোৱাৰাত বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপি।
বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে কয় যে, ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এয়া হৈছে যে বৰ যাত্ৰী সাজু, মণ্ডপ সাজু, কিন্তু দৰা কোন হ’ব সেয়া নিশ্চিত কৰিব পৰা নাই বিজেপিয়ে।
স্মৰ্তব্য যে, দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৭০ খন আসনৰ ভিতৰত ৪৮ খনত জয়ী হোৱাৰ বিপৰীতে আপে ২২ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছিল।