হঠাতে দিল্লী বিমানবন্দৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় য’ত ডিমাপুৰ অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত যাত্ৰীৰ পাৱাৰ বেংকত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে কেবিন ক্ৰুৱে দ্ৰুত সঁহাৰি জনাই এই জুই নিৰ্বাপন কৰে।
সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত এক বাতৰি অনুসৰি, সকলো যাত্ৰী নিৰাপদ বুলি ইতিমধ্যে জানিব পৰা গৈছে। তেওঁলোকে জনোৱা মতে, বিমানখনে বিমানবন্দৰত টেক্সি চলাই (ৰাণৱেলৈ স্থানান্তৰিত) চলাই থকাৰ সময়তে পাৱাৰ বেংকত জুই লাগে।
ইণ্ডিগ’ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, দিল্লীৰ পৰা নাগালেণ্ডৰ ডিমাপুৰ অভিমুখী ৬ই ২১০৭ নং বিমানখনে এজন যাত্ৰীৰ ব্যক্তিগত ইলেক্ট্ৰনিক যন্ত্ৰত সামান্য অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে উভতি আহে। বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে, কেবিন ক্ৰুৱে মানক পৰিচালনা পদ্ধতি অনুসৰণ কৰি দ্ৰুত সঁহাৰি জনাইছিল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে এই কাণ্ড নিয়ন্ত্ৰণলৈ অনা হৈছিল। ইয়াত আৰু কোৱা হৈছে যে প্ৰট’কল অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত অৱগত কৰা হয়।
মন কৰিবলগীয়া যে, এই সপ্তাহত এয়াৰ চাইনাৰ এখন বিমানত একেধৰণৰ কাণ্ড সংঘটিত হৈছিল, যেতিয়া বিমানখনৰ ওপৰৰ ডবাত জমা হৈ থকা লিথিয়াম বেটাৰীত জুই লাগিছিল। হাংঝুৰ পৰা ছিউললৈ গৈ আছিল বিমানখন। বৰ্তমান এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।