ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানত পুনৰ এক বৃহৎ সফলতা অৰ্জন কৰিছে দিল্লী আৰক্ষীৰ বিশেষ কোষে। ৰমেশ নগৰ অঞ্চলৰ এটা গুদামৰ পৰা ২০০০ কোটি টকাৰ কোকেইন জব্দ কৰিছে আৰক্ষীয়ে। প্ৰায় ২০০ কেজি ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে।
এসপ্তাহৰ ভিতৰত দিল্লী আৰক্ষীয়ে লাভ কৰা এয়া দ্বিতীয় বৃহৎ সফলতা। যোৱা সপ্তাহত মহিপালপুৰৰ পৰা জব্দ কৰিছিল ৫৬০ কিলোগ্ৰাম কোকেইন। যাৰ বজাৰ মূল্য আছিল প্ৰায় ৫০০০ কোটি টকা।
এই ৫০০০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰীৰ গোচৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে ছিণ্ডিকেটৰ সৈতে জড়িত সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনক উত্তৰ প্ৰদেশৰ হাপুৰৰ বাসিন্দা অখলাখ বুলি চিনাক্ত কৰিছে।
অখলাখক জেৰা কৰাৰ পাছতেই বিশেষ কোষে দিল্লীৰ ৰমেশ নগৰত অভিযান চলাই ২০০ কিলোগ্ৰাম কোকেইন উদ্ধাৰ কৰে।