জয় শ্বাহে আই চি চিৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পিছত খালী হৈ থকা বিচিচিআই সচিব পদত অধিষ্ঠিত হ’ল দেৱজিৎ লন শইকীয়া। ব’ৰ্ডৰ অধ্যক্ষ ৰ’জাৰ বিনীয়ে বিচিচিআইৰ কাৰ্যবাহী সচিব হিচাপে নিযুক্তি দিছে দেৱজিৎ শইকীয়াক।
উল্লেখ্য যে, দেৱজিৎ লন শইকীয়া এগৰাকী অসমৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। বিনীয়ে নিজৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি বিচিচিআইৰ নিয়ম-নীতিৰ অধীনত স্থায়ী সচিব নিযুক্তি নোহোৱালৈকে ষ্টপ-গেপৰ ব্যৱস্থাত শইকীয়াক কাৰ্যবাহী সচিব হিচাপে নিযুক্তি দিছে।
এখন পত্ৰত বিনিয়ে বিচিচিআইৰ সংবিধানৰ ৭(১) (ঘ) দফা উল্লেখ কৰি দেৱজিৎ লন শইকীয়াক সচিব পদৰ ক্ষমতা প্ৰদান কৰে।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা দেৱজিৎ লন শইকীয়া প্ৰথমজন অসমীয়া। বিচিচিআইৰ সচিব পদত অধিষ্ঠিত হোৱাৰ লগতে আই চি চিৰ ব’ৰ্ড ডাইৰেক্টৰ হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল দেৱজিৎ লন শইকীয়া।