এগৰাকী ঘৰুৱা সহায়িকাক ধৰ্ষণৰ দৰে নিকৃষ্ট কাণ্ড কৰাৰ অপৰাধত বাংগালুৰুৰ এখন আদালতে জনতা দল (ছেকুলাৰ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদাণ্ডৰ শাস্তি প্ৰদান কৰিছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্নাৰ ওপৰত পাঁচ লাখ টকাৰ জৰিমনাও বিহিছে আদালতে।
এগৰাকী ৪৮ বছৰীয়া মহিলা (ৰেভান্না পৰিয়ালৰ ফাৰ্ম হাউছৰ প্ৰাক্তন সহায়িকা)ক ধৰ্ষণ কৰাৰ গোচৰত প্ৰজ্বল ৰেভান্নাক এই শাস্তি প্ৰদান কৰা হৈছে। কেৱল এয়াই নহয় তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ ভিডিঅ’ প্ৰচাৰ কৰাৰো অভিযোগ উত্থাপন হৈছিল।
হাছান জিলাৰ হোলেনাৰসীপুৰাত থকা ৰেভান্না পৰিয়ালৰ ফাৰ্ম হাউচত ঘৰুৱা সহায়ক হিচাপে কাম কৰা মহিলাগৰাকীয়ে ২০২১ চনৰ পৰাই প্ৰজ্বল ৰেভান্নাই তেওঁক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কেৱল এয়াই নহয় যদিহে মহিলাগৰাকীয়ে এই কথা ৰাজহুৱা কৰে তেন্তে তেওঁৰ সৈতে কৰা অসত কাৰ্যৰ ভিডিঅ’ ৰাজহুৱা কৰাৰো ভাবুকি প্ৰদান কৰিছিল।
বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু হোৱা প্ৰজ্বল ৰেভান্নাক শুকুৰবাৰে এই গোচৰত দোষী সাব্যস্ত কৰিছিল।