মহাৰাষ্ট্ৰত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বাবে লোৱা সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাৰ শিৱসেনাৰ মন্ত্ৰী গুলাবৰাও পাটিল, সম্ভুৰাজ দেশাই আৰু দাদা ভূছেই হিন্দী ভাষা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত স্থগিতাদেশৰ দাবী জনাইছিল।
এই দাবীৰ প্ৰতি সহাৰি জনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে ঘোষণা কৰিছে ইয়াৰ স্থগিতাদেশ। মুখ্যমন্ত্রী ফাড়নবিছে কয় যে এই সন্দৰ্ভত ত্রিভাষিক কমিটীয়ে প্রতিবেদন প্রস্তুত কৰিব, আৰু তেতিয়ালৈকে ইয়াক স্থগিত ৰখা হৈছে৷
সংবাদমেলৰ সময়ত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে কয়, ‘ত্ৰিভাষিক নীতি সন্দৰ্ভত জাৰি কৰা দুয়োটা জি আৰ চৰকাৰে বাতিল কৰিছে। ত্ৰিভাষিক নীতি কাৰ্যকৰী কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে। আজি কেবিনেট বৈঠকত আমি সিদ্ধান্ত লৈছো যে ড০ নৰেন্দ্ৰ যাধৱৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি ত্ৰিভাষিক নীতি কেনেকৈ ৰূপায়ণ কৰা উচিত সেই বিষয়ে বিবেচনা কৰা হ’ব। এই সমিতিখনে সংশ্লিষ্ট সকলোৰে সৈতে আলোচনা কৰিব।’
মহাৰাষ্ট্ৰ চৰকাৰৰ বাবে মাৰাঠী এই নীতিৰ কেন্দ্ৰবিন্দু হৈ থাকিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ফাড়নবিছে।
উল্লেখ্য যে মহাৰাষ্ট্ৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই সিদ্ধান্তৰ বিৰোধিতা কৰি উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা আৰু ৰাজ থাকৰে নেতৃত্বাধীন ৰাজনৈতিক দল দুটাই একেলগে প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিছিল।