বাংলাদেশৰ ৰাজধানী ঢাকাত ১৪ অক্টোবৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হয়। ৪ মহলীয়া কাপোৰৰ কাৰখানা আৰু কাষৰ ৰাসায়নিক গুদামত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
বিষয়াসকলৰ মতে, কমেও ১৬ জন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ আৰু অসামৰিক প্ৰতিৰক্ষাৰ বিষয়া তালহা বিন জাছিমে জনোৱা মতে, শ্বাহ আলম ৰাসায়নিক গুদামৰ পৰা আৰম্ভ হোৱা এই জুই দ্ৰুতগতিত ওচৰৰ এনাৰ ফেশ্বন গাৰ্মেণ্ট ফেক্টৰীলৈ বিয়পি পৰে। জুই ইমানেই তীব্ৰ আছিল যে মিনিটৰ ভিতৰতে সমগ্ৰ অট্টালিকাটো জুইৰ শিখাই আগুৰি ধৰে।
অগ্নিনিৰ্বাপক বাহিনীৰ মুখপাত্ৰ আনোৱাৰুল ইছলামে জনোৱা মতে, উদ্ধাৰকাৰী দলে এতিয়ালৈকে কেৱল কাপোৰৰ কাৰখানাৰ পৰা ১৬টা মৃতদেহ উদ্ধাৰ কৰিছে। কাৰখানাটোৰ এটা অংশত জুই নিৰ্বাপন কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক লেফটেনেণ্ট কৰ্ণেল মহম্মদ তাজুল ইছলাম চৌধুৰীয়ে কয় যে, ইয়াৰ আৰম্ভণি ৰাসায়নিক বিস্ফোৰণৰ পৰা হৈছিল, যাৰ ফলত বিষাক্ত গেছ দ্ৰুতগতিত বিয়পি পৰিছিল, যাৰ ফলত বহু শ্ৰমিক অজ্ঞান হৈ তৎক্ষণাত মৃত্যুমুখত পৰে।
তেওঁ কয় যে কাৰখানাটোত ছয়ৰ পৰা সাতবিধ বিপজ্জনক ৰাসায়নিক পদাৰ্থ মজুত কৰা হৈছিল। এইবোৰে জুইৰ অনিয়ন্ত্ৰিত স্বৰূপত অৰিহণা যোগাইছিল, যাৰ ফলত এক অতি বিষাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।
বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। মৃতকৰ পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰি তেওঁ কয় যে, এই কাণ্ড অত্যন্ত মৰ্মান্তিক। আহতসকলৰ আশু আৰোগ্যৰ বাবে বাংলাদশ চৰকাৰে প্ৰাৰ্থনা কৰিছে। ইউনুছে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে এই অগ্নিকাণ্ডৰ সম্পূৰ্ণ তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক তৎকালীনভাৱে আৰ্থিক আৰু চিকিৎসা সাহায্য প্ৰদান কৰে।