দেওবাৰে ৰাতিপুৱা ৰাজস্থানৰ ঢোলপুৰ জিলাৰ পাৰ্বতী নদীত ঋষি পঞ্চমী উৎসৱ উপলক্ষে গা ধুই থকা অৱস্থাত চাৰিজনী ছোৱালীক নৈৰ কোৱাল সোঁতে উটুৱাই লৈ যায়। আৰক্ষী আৰু এছডিআৰএফ দলে স্থানীয় লোকসকলৰ সৈতে ছোৱালী কেইজনীক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছে।
ঘটনাটোৰ বিষয়ে তথ্য প্ৰদান কৰি আৰক্ষী বিষয়া নৰেশ শৰ্মাই কয় যে, ঋষি পঞ্চমী উৎসৱ উপলক্ষে বোথপুৰা গাঁৱৰ কেইজনীমান ছোৱালীয়ে পাৰ্বতী নদীত গা ধুই আছিল, যেতিয়া তেওঁলোকৰ দুজনীয়ে গভীৰ পানীত ডুবিবলৈ আৰম্ভ কৰিছিল, তেতিয়া দুজনী ছোৱালীয়ে তেওঁলোকক বচাবলৈ চেষ্টা কৰিছিল। আৰক্ষী বিষয়াগৰাকীয়ে কৈছিল যে, গাওঁখনৰ ২০ গৰাকী ছোৱালীৰ এটা দল নদীত গা ধুবলৈ গৈছিল। ইয়াৰে চাৰিজনী ছোৱালীক নদীৰ কোবাল সোঁতে উটুৱাই লৈ গৈছিল। বৰ্তমানেও ছোৱালী কেইজনীৰ সন্ধান অভিযান চলি আছে।
ছোৱালীকেইজনী ক্ৰমে- মোহিনী (১৪), প্ৰিয়া (১২), অঞ্জলি (১৪) আৰু তনু (১০) বুলি চিনাক্ত কৰা হৈছে। ধাৰাবাহিক ধাৰাসাৰ বৰষুণৰ বাবে পাৰ্বতী বান্ধটো বানপানীত আছে। শনিবাৰে পাৰ্বতী বান্ধৰ তিনিখন দুৱাৰ খোলা হৈছিল। ইয়াৰ ফলত পাৰ্বতী নদীত পানীৰ প্ৰবাহ বৃদ্ধি পাইছিল আৰু পানীৰ তীব্ৰ প্ৰবাহৰ বাবে ছোৱালী ৩জনী উটি গৈছিল।