১৩ নৱেম্বৰত সম্পন্ন হোৱা অসমৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ২৩ নৱেম্বৰ অৰ্থাত শনিবাৰে ঘোষণা কৰা হ’ব। শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এই আটাইকেইখন আসনতে জয়লাভ কৰিব বুলি আত্মবিশ্বাসী হৈ থকাৰ পৰিৱৰ্তে কংগ্ৰেছ শিৱিৰত দেখা গৈছে হতাশা।
ফলাফল অহাৰ এদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কৰা এটা মন্তব্যতে এই কথা স্পষ্ট হৈ পৰিছে। অসমত বিৰোধী একত্ৰিত নহ’লে বিজেপিক পৰাভূত কৰাটো সহজ নহয় বুলি অকপটে স্বীকাৰ কৰিছে ভূপেন বৰাই।
উপ-নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যত মেলা ফাঁট সন্দৰ্ভত এটা সংবাদ সংস্থাৰ আগত ভূপেন বৰাই কয়, ‘ময়ে এই ঐক্যৰ প্ৰতিষ্ঠাপক, যিটো পিছত অসম সন্মিলিত মঞ্চ নামে পৰিচিত হয়। অসমৰ উপ-নিৰ্বাচনত এয়া সাময়িক বিপৰ্যয়। মই আত্মবিশ্বাসী আৰু মোৰ বিশ্বাস যে আমি সকলোকে পুনৰ একত্ৰিত কৰিব পাৰিম আৰু ২০২৬ চনত আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিম।’
কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয় যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ খন আসনত জয়লাভ কৰিব বুলি দাবী কৰিছিল আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১৪ খন আসনৰ ভিতৰত ১৩ খনতেই জয়লাভ কৰিব বুলি আত্মবিশ্বাসেৰে কৈছিল, কিন্তু ফলাফলত কি হ’ল সেয়া সকলোৱে দেখিলে।
লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ০.৫ শতাংশ ভোট বিজেপিতকৈ বেছি লাভ কৰা বুলি উল্লেখ কৰি বৰাই লগতে কয় যে বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী এক হ’ব লাগিব আৰু ইয়াৰ বাবে আমি আমাৰ পৰিকল্পনাও প্ৰস্তুত কৰিছো।
উল্লেখ্য যে, উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ঠিক এদিন পূৰ্বে বিৰোধী একত্ৰিত হ’ব লাগে বুলি কৰা মন্তব্যই স্বাভাৱিকতে বিশেষ তাৎপৰ্য বহন কৰিছে। কিয়নো উপ-নিৰ্বাচনৰ পূৰ্বে আন বিৰোধী দলৰ কথাত অমান্তি হৈ খোদ কংগ্ৰেছ দলেই বিৰোধী মিত্ৰজোঁটৰ পৰা আঁতৰি আহি আটাইকেইটা সমষ্টিতে প্ৰদান কৰিছিল প্ৰাৰ্থী।
ৰাজ্যৰ আন বিৰোধী দলৰ সমৰ্থন তথা শক্তি অবিহনেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দলে উপ-নিৰ্বাচনৰ ফলাফৰ পূৰ্বে পৰাজয়ৰ আশংকাত ভুগি পুনৰবাৰ বিৰোধী মিত্ৰজোঁটৰ পোষকতা কৰিছে নেকি বুলি এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ।
বিৰোধী মিত্ৰজোঁটত থকা আন সহযোগী দলসমূহে মাত্ৰ বিহালী আসনখন বিচৰাৰ বাবেই কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চ ভংগ কৰি আটাইকেইখন আসনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।
নিৰ্বাচনৰ সময়ত ঐক্যৰ কথা নাভাবি ফলাফল ঘোষণাৰ কেইঘণ্টামান পূৰ্বে আজি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত পুনৰ মিত্ৰতাৰ পোষকতা কৰা ভূপেন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ আন বিৰোধী দলসমূহে কিদৰে দিয়ে সেয়া সময়ত লক্ষ্যণীয় হ’ব।