কামৰূপ জিলাৰ ডিমুত সন্দেহজনক পিষ্টলসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত যুৱক এজনৰ নাম ইমৰান হুছেইন বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত আনজনন যুৱকৰ পৰিচয় জানিব পৰা হোৱা নাই।
যুৱকজনৰ পৰা এটি সন্দেহজনক পিষ্টল জব্দ কৰিছে আৰক্ষীয়ে। ডোৱক আৰক্ষীয়ে এই পিষ্টলসহ এখন সামগ্ৰী কঢ়িয়াই নিয়া গাড়ী জব্দ কৰে।
AS25F2313 নম্বৰৰ গাড়ীখন আৰক্ষীযে জব্দ কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে যুৱকজনক অব্যাহত ৰাখিছে মাৰাথান জেৰা।
আনহাতে ধৃত যুৱক ইমৰানে এইটো লাইটাৰ পিষ্টল বুলি দাবী কৰিছে যদিও আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিব প্রকৃত ৰহস্য।
তদন্তৰ খাতিৰত আৰক্ষীয়ে বিশেষ তথ্য প্ৰকাশ কৰা নাই যদিও নিশাৰ ভাগতে যুৱক জনৰ স্বাস্থ্য পৰীক্ষা কৰাইছে আৰক্ষীয়ে।