পশ্চিম এছিয়াত চলি থকা সংঘাতে প্ৰভাৱ পেলাব পাৰে ভাৰতৰ পানীয় উদ্যোগত। সূত্ৰৰ মতে, যুদ্ধৰ বাবে যোগান শৃংখলাত ব্যাঘাত জন্মিলে, ইয়ে ভাৰতত সুৰাৰ উপলব্ধতাত হ্ৰাস পেলাব পাৰে। ইয়াৰ লগতে ভাৰতত কেইবাটাও সুৰাৰ ব্ৰেণ্ডৰ মূল্য বৃদ্ধি হ’ব পাৰে।
গ্ল’বেল কোম্পানী আৰু কাৰ্লছবাৰ্গে ভাৰতত যোগানৰ ব্যাঘাত আৰু মূল্যবৃদ্ধিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।
সুৰা সংকটৰ প্ৰধান কাৰণ-
- কাঁচ আৰু এলুমিনিয়ামৰ অভাৱঃ প্ৰাকৃতিক গেছৰ যোগানত ব্যাঘাত জন্মাৰ বাবে কাঁচৰ বটল নিৰ্মাণ ইউনিটসমূহত প্ৰভাৱ পৰিব পাৰে। যাৰ বাবে সুৰাৰ বটলৰ মূল্য প্ৰায় ২০% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
- দামী পেকেজিং: কাগজৰ কাৰ্টন, লেবেল আৰু অন্যান্য পেকেজিং সামগ্ৰীৰ মূল্যও তীব্ৰভাৱে বৃদ্ধি পাইছে।
ভাৰতীয় ব্ৰুয়াৰ্ছ এছ’চিয়েশ্যনৰ সঞ্চালক প্ৰধান বিনোদ গিৰীয়ে কয় যে, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ব্যয় যথেষ্ট বৃদ্ধি পোৱাৰ ফলত উৎপাদনত কিছু প্ৰভাৱ পৰিছে। যাৰ বাবে সুৰাৰ মূল্য ১২ৰ পৰা ১৫ শতাংশ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অনুমতি বিচাৰিছে এই সন্থাই। আকৌ গ্ৰীষ্মকাল হৈছে সুৰা বিক্ৰীৰ বাবে শীৰ্ষ ঋতু। এই সংকট অব্যাহত থাকিলে গ্ৰীষ্মকালত সুৰাৰ নাটনিও হ’ব পাৰে।
ইফালে, ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত উত্তেজনা হ্ৰাস কৰি হৰমুজ জলদ্বীপ মুকলি কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, এই জলপথ বিশ্ব শান্তি, শক্তি যোগান, আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলৰ মতে এই পথত বাধাৰ সৃষ্টি হ’লে শক্তি, খাদ্য আৰু সাৰ যোগানত যথেষ্ট প্ৰভাৱ পৰিব পাৰে।












