পেহেলগামত সংঘটিত নৃশংস কাণ্ডৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সংঘাত আমেৰিকাৰ হস্তক্ষেপত বন্ধ হোৱা বুলি দাবী কৰি অহা ট্ৰাম্পে এইবাৰ আন এক ডাঙৰ মন্তব্য কৰিছে।
ট্ৰাম্পে পুনৰবাৰ পুৰণি সুৰতে সুৰ মিলাই চাঞ্চল্যকৰ দাবী কৰে যে ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধত পাঁচখন যুদ্ধ বিমান ধ্বংস হৈছিল।
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে চলাইছিল অপাৰেশ্যন সিন্দূৰ। ভাৰতৰ এই অভিযানৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল যুদ্ধসদৃশ পৰিস্থিতিৰ। অৱশ্যে ১০ মে’ত দুয়োখন দেশে যুদ্ধবিৰতিত সন্মত হয়।
ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধবিৰতিৰ সম্পূৰ্ণ কৃতিত্ব লৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই দাবীৰ পিছত পুনৰবাৰ ভাৰত-পাকিস্তান যুদ্ধ সন্দৰ্ভত নতুন দাবী উত্থাপন কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
এইবাৰ তেওঁ কৈছে, ‘আমি কেইবাখনো যুদ্ধৰ অন্ত পেলাইছো। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধই জটিল পৰিস্থিতি ধাৰণ কৰিছিল। মই ভাবো পাঁচখন জেট বিমান ধ্বংস কৰা হৈছিল। দুয়োখন পাৰমাণৱিক শক্তিধৰ দেশ, আৰু ইখনে সিখনক আক্ৰমণ কৰি আছিল।’
ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ প্ৰসংগ উল্লেখ কৰি ট্ৰাম্পে কয় যে দুয়োখন দেশৰ মাজত সংঘাত যথেষ্ট বৃদ্ধি পাইছিল আৰু আমি ব্যৱসায়ৰ মাধ্যমেৰে সমাধান কৰিছো। আপোনালোকে যদি অস্ত্ৰ-শস্ত্ৰ ত্যাগ নকৰে তেন্তে আপোনালোকৰ সৈতে ব্যৱসায়িক চুক্তি নকৰো।
উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধ ড’নাল্ড ট্ৰাম্পৰ হস্তক্ষেপত অন্ত পৰা বুলি কৰা দাবী ইতিমধ্যেই পোনচাটেই নাকচ কৰিছে ভাৰত চৰকাৰে।