সুদীৰ্ঘ ৯ মাহৰ মূৰত পৃথিৱীলৈ উভতি আহিছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰ। মাত্ৰ ৮ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ গৈছিল এই দুয়োজন মহাকাশচাৰী, কিন্তু মহাকাশযানৰ যান্ত্ৰিক বিজুতীৰ বাবে তেওঁলোক মহাকাশ ষ্টেচনতে আবদ্ধ হৈ পৰে।
উল্লেখনীয় যে ৮ দিনৰ বাবে গৈ অতিৰিক্তভাৱে ২৭৮ দিন থাকিবলগীয়া হোৱাৰ পিছতো নাছাই এই দুগৰাকী মহাকাশচাৰীক অতিৰিক্ত দৰমহা প্ৰদান নকৰে। এই বিষয়টোক লৈ আমেৰিকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰিছে এক বিশেষ মন্তব্য।
অতিৰিক্ত দৰমহা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, ‘কোনেও মোক এই সন্দৰ্ভত একো কোৱা নাই। যদি দিব লাগে, তেন্তে মই নিজৰ পকেটৰ পৰা দিম।’
নিজৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মহাকাশচাৰী দুজনক ওভতাই অনাত সহায় কৰাৰ বাবে ইলন মাস্কক ধন্যবাদ জ্ঞাপন কৰে ট্ৰাম্পে। তেওঁ কয়, ‘যদি আমাৰ ইয়াত ইলন মাস্ক নাথাকিলহেতেন… তেতিয়াহ’লে তেওঁলোক আৰু অধিক সময় আবদ্ধ হৈ থাকিলহেতেন। তেওঁলোকক আৰু কোনে আনিলেহেতেন? মহাকাশত ৯-১০ মাহৰ পিছত স্বাস্থ্য বেয়া হ’বলৈ ধৰে।’
উল্লেখ্য যে, যিকোনো ব্যক্তিগত চাকৰিৰ দৰে নাছাৰ মহাকাশচাৰীসকলো আমেৰিকা চৰকাৰৰ কৰ্মচাৰী। অৰ্থাৎ তেওঁলোকে আন চৰকাৰী কৰ্মচাৰীৰ দৰেই মানক দৰমহা লাভ কৰে। নিয়ম অনুসৰি যদিহে কোনো মিছনৰ কাৰ্যকাল বৃদ্ধি পায় তেন্তে তেওঁলোকে তাৰ বাবে কোনো অতিৰিক্ত দৰমহা নাপায়। ইয়াৰ ভিতৰত অতিৰিক্ত সময় কাম কৰা, বা ছুটিৰ দিনত বা বন্ধৰ দিনত কাম কৰাটোও অন্তৰ্ভুক্ত। আনকি চৰকাৰী কৰ্মচাৰী হিচাপে মহাকাশ ভ্ৰমণকো চৰকাৰী ভ্ৰমণ বুলি গণ্য কৰা হয়।
মহাকাশচাৰীসকলৰ ভ্ৰমণ, থকা-খোৱাৰ খৰচ নাছাই বহন কৰে। তেওঁলোকে “আকস্মিক” বুলি কোৱা সৰু সৰু দৈনন্দিন খৰচৰ বাবেও অতিৰিক্ত ধন (৫ ডলাৰ) অনুমতি দিয়ে। সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰে মহাকাশত মুঠ ২৮৬ দিন অতিবাহিত কৰিছে। গতিকে, তেওঁলোকৰ দৰমহাৰ উপৰি প্ৰত্যেকেই অতিৰিক্ত ১,৪৩০ ডলাৰ (১,২২,৯৮০ টকা) পাব।