ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীক লৈ বৃহৎ দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকী ক’ত লুকাই আছে আমি ভালদৰেই জানো। ট্ৰাম্পে খামেনীক ভাবুকি দি কয় যে তেওঁ আমাৰ বাবে অতি সহজ টাৰ্গেট।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘ইৰাণৰ তথাকথিত সৰ্বোচ্চ নেতাগৰাকী ক’ত আত্মগোপন কৰি আছে আমি ভালদৰেই জানো। আমাৰ বাবে তেওঁ অতি সহজ লক্ষ্য, কিন্তু এই মুহূৰ্তত তেওঁ নিৰাপদ কাৰণ আমি এতিয়াই তেওঁক হত্যা কৰিব বিচৰা নাই।’
তেওঁ আৰু কয়, ‘আমি এতিয়াই তেওঁক হত্যা কৰিব নিবিচাৰো, কিন্তু আমিও নিবিচাৰো যে আমাৰ নাগৰিক আৰু আমেৰিকান সৈন্যৰ ওপৰত মিছাইল নিক্ষেপ কৰা হওক। আমাৰ ধৈৰ্য্য এতিয়া শেষ হ’বলৈ ধৰিছে।’
উল্লেখ্য যে, জি-৭ শীৰ্ষ সন্মিলনৰ পৰা উভতি অহাৰ সময়ত ট্ৰাম্পে কৈছিল যে আমেৰিকাই কেৱল ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি বিচৰা নাই। কিন্তু ই স্থায়ী আৰু বাস্তৱিক এই সংঘাতৰ অন্ত বিচাৰে।