যোৱা দুদিন ধৰি দিল্লী-এনচিআৰত অব্যাহত থকা ধাৰাসাৰ বৰষুণে স্বাভাৱিক জীৱনত ব্যাপক প্ৰভাৱ পেলাইছে। পানী জমা হোৱা আৰু যান-জঁটৰ বাবে জনসাধাৰণে বহু সমস্যাৰ সন্মুখীন হৈছে, বিশেষকৈ স্কুললৈ যোৱা ল’ৰা-ছোৱালী।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গাজিয়াবাদ জিলা প্ৰশাসনে ৩ ছেপ্টেম্বৰ অৰ্থাত বুধবাৰে জিলাখনৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
প্ৰশাসনে সংশ্লিষ্ট বিষয়াসকলক এই নিৰ্দেশ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে, যাতে যিকোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰে।
একে সময়তে বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক চাৰি-পাঁচ দিনলৈ দিল্লী-এনচিআৰত বৰষুণ আৰু ধুমুহা অব্যাহত থাকিব।