শৰৎ এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ ঋতু। শৰতেই কঢ়িয়াই আনে প্ৰশান্তিৰ বতৰা।
শৰতৰ বাবেই আহিনৰ গুৰুত্ব অসীম। এই শৰতেই যেন বাট কাটি দিয়ে শক্তিৰ অধিষ্ঠাতৃ শাৰদীয় দেৱী দুৰ্গা পূজালৈ। এই চৌপাশৰ উৎসৱমুখৰ পৰিৱেশেই উচ্ছাসিত কৰি তোলে সকলোৰে মন। মহিষাসূৰ মৰ্দিনীৰ আগমনে যেন লৈ আনিছে উৎসৱৰ বতৰা।
শাস্ত্ৰমতে, আহিন মাহৰ শুক্ল পক্ষত শুক্ল পক্ষত দুৰ্গাপূজা উৎসৱ পালন কৰা হয়। আহিন মাহৰ অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজা উৎসৱ শাৰদীয় দুৰ্গাপূজা নামে জনাজাত।
আজি শুভ মহালয়া। হিন্দু বিশ্বাস অনুসৰি, আজিৰ দিনটোতেই দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু ভগবান গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায়। ইয়াৰ উপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিছিল।
মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে।পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে, আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল।
লক্ষণীয়ভাৱে, এই মহালয়াৰ আৰম্ভণিৰ সময়তে মৃণ্ময় শিল্পীসকলে নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুৰ ৰং কৰা আৰম্ভ কৰে।