ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেচন ব্ৰহ্ম’ ।ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পৰ ফলত হোৱা বিধ্বংসী ক্ষীপ্ৰ সঁহাৰিৰ বাবে শুকুৰবাৰে ‘অপাৰেচন ব্ৰহ্ম’ নামৰ সাহায্য অভিযান আৰম্ভ কৰে।
শনিবাৰে ভাৰতে ৫খন সামৰিক বিমানেৰে সাহায্য সামগ্ৰী, উদ্ধাৰকাৰী দল আৰু চিকিৎসা সা-সঁজুলি ম্যানমাৰলৈ প্ৰেৰণ কৰি ভূমিকম্পত আক্ৰান্তসকলক সহায় কৰে।
ইফালে ম্যানমাৰত সংঘটিত হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ সোমবাৰে ভাৰতে ৫০ টন সাহায্য সামগ্ৰীৰ প্ৰেৰণ কৰে। এই ভূমিকম্পৰ ফলত ম্যানমাৰত ২ হাজাৰতকৈও অধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহত হয় ৩৯০০ লোক।
ভাৰতীয় নৌসেনাৰ দুখন জাহাজ – আই এন এছ সাতপুৰা আৰু আই এন এছ সাবিত্ৰীয়ে ম্যানমাৰৰ ইয়াংগন চহৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। ভাৰতীয় নৌসেনাৰ আৰু তিনিখন জাহাজ – আই এন এছ কাৰ্মুখ, আই এন এছ ঘৰিয়াল আৰু এল চি ইউ-৫২ য়ে ৫০০ টনতকৈও অধিক অতিৰিক্ত সাহায্য সামগ্ৰী কঢ়িয়াই ইয়াংগনলৈ ৰাওনা হৈছে বুলি বিষয়াসকলে জনায়।
ম্যানমাৰত থকা ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি মঙলবাৰে ভাৰতীয় বায়ুসেনাৰ আন এখন চি-১৩০ বিমান ১৫ টনতকৈ অধিক সাহায্য সামগ্ৰী কঢ়িয়াই মণ্ডলেত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।
এই ভয়াৱহ ভূমিকম্পৰ পিছত সোমবাৰে প্ৰাণহানি হোৱা লোকৰ সংখ্যা ২০৫৬ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰায় ৩৯০০ লোক আহত হোৱাৰ লগতে ২৭০ জন নিৰুদ্দেশ হোৱা বুলিও জানিব পৰা গৈছে।
ম্যানমাৰৰ বতৰ বিজ্ঞান আৰু জলবিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এতিয়ালৈকে ৩৬টা আফটাৰশ্বক ৰেকৰ্ড কৰা হৈছে, যাৰ মাত্ৰা ২.৮ৰ পৰা ৭.৫ৰ ভিতৰত আছে। শুকুৰবাৰে ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কেইমিনিটমান পিছতে ৬.৪ প্ৰাবল্যৰ আফটাৰশ্বকও সংঘটিত হয়, যাৰ ফলত দেশৰ বহু ঠাইত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হয়।