১ ছেপ্টেম্বৰত আফগানিস্তানত হোৱা প্ৰবল ভূমিকম্পৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে কঁপিছে আফগানিস্তান। ২ ছেপ্টেম্বৰত দেশখনৰ দক্ষিণ-পূব অংশত ৫.৫ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়। এদিন পূৰ্বে হোৱা ভূমিকম্পই ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছিল, য’ত ১৪০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল ৩ হাজাৰৰো অধিক লোক।
আফগানিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখপাত্ৰ ইউছুফ হামাদে এপিক কয় যে, ইতিমধ্যে আহতসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে, পিছে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। বিষয়াসকলে জনোৱা মতে, প্ৰথমটো ভূমিকম্পৰ ফলত হোৱা ভূমিস্খলনে মূল পথসমূহ বন্ধ কৰি দিছে, যাৰ বাবে সাহায্য আৰু জৰুৰীকালীন দলসমূহে সময়মতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হ’ব পৰা নাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত প্ৰাণ আৰু সা-সম্পত্তি হেৰুওৱাসকললৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত পোষ্ট কৰি তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও আফগানিস্তানত সংঘটিত দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰি তাত থকা জনসাধাৰণৰ সৈতে ভাৰতৰ সংহতি প্ৰকাশ কৰি সহায়ৰ আশ্বাস দিয়ে। জয়শংকৰে আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীৰ সৈতে ফোনযোগে কথা পাতি দেওবাৰে নিশা ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ বাবে শোক প্ৰকাশ কৰে। আহতসকলৰ আশু আৰোগ্য কামনা কৰি তেওঁ এই শোকৰ ঘণ্টাত ভাৰতৰ সম্পূৰ্ণ সমৰ্থন পুনৰবাৰ উল্লেখ কৰে।
ভাৰতে কাবুলত ১০০০ পৰিয়ালৰ বাবে তম্বু যোগান ধৰিছে আৰু ভাৰতীয় মিছনে কাবুলৰ পৰা কুনাৰলৈ ১৫ টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। আফগান বৈদেশিক মন্ত্ৰালয়েও জয়শংকৰ আৰু আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী মুত্তাকিৰ মাজত হোৱা কথা-বতৰা নিশ্চিত কৰে আৰু আফগান নাগৰিকক সহায় আগবঢ়োৱাৰ বাবে মুত্তকিয়ে ভাৰতক ধন্যবাদ জনায়।
পূব আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পক লৈ গভীৰ শোক প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্ত ভলকাৰ তুৰ্কে।ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ দলসমূহ তৎক্ষণাত সক্ৰিয় কৰা হৈছে আৰু ক্ষতিগ্ৰস্ত অঞ্চলত আৰ্তজনক সহায়ৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হ’ব।