ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ পূৱ উপকূলৰ সমীপত এক প্ৰবল ভূমিকম্পৰ তথ্য পোৱা গৈছে। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে জনোৱা মতে, ভূমিকম্পৰ প্ৰাবল্য ৭.১ আৰু ই সমুদ্ৰপৃষ্ঠৰ তলৰ ১০ কিলোমিটাৰ গভীৰতাত ৰেকৰ্ড কৰা হৈছে।
একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (USGS) য়ে ভূমিকম্পৰ প্ৰাবল্য ৭.৪ আৰু গভীৰতা ৩৯.৫ কিলোমিটাৰ বুলি প্ৰকাশ কৰিছে। তথ্যৰ পাৰ্থক্য থকাৰ পিছতো দুয়োটা সংস্থাই ইয়াক গভীৰ আৰু শক্তিশালী ভূমিকম্প বুলি গণ্য কৰিছে। ভূমিকম্পৰ পিছত পেচিফিক চুনামী সতৰ্কবাণী ব্যৱস্থাই সম্ভাৱ্য চুনামী সতৰ্কবাণী জাৰি কৰি কয় যে এই অঞ্চলত বিপদৰ সৃষ্টি হ’ব পাৰে।
চীনৰ চুনামী সতৰ্কবাণী কেন্দ্ৰইও পুৱা ১০:৩৭ বজাত (বেইজিঙৰ সময় অনুসৰি) তথ্য প্ৰকাশ কৰি কয় যে, কামচাটকা উপদ্বীপৰ পূব সাগৰীয় অঞ্চলত এই ভূমিকম্পৰ ৰেকৰ্ড কৰা হৈছে। কেন্দ্ৰটোৱে ভূমিকম্পৰ প্ৰাবল্য ৭.১ আৰু গভীৰতা ১৫ কিলোমিটাৰ বুলি প্ৰকাশ কৰিছে। স্থানীয়ভাৱে ছুনামীৰ আশংকা কৰা হৈছে।
জাপান বতৰ বিজ্ঞান সংস্থাৰ উদ্ধৃতিৰে জাপান ব্ৰডকাষ্টাৰে প্ৰকাশ কৰা অনুসৰি, কামচাটকাৰ দক্ষিণ-পশ্চিমে অৱস্থিত জাপানে কোনো ধৰণৰ চুনামী সতৰ্কবাণী জাৰি কৰা নাই।
জুলাই মাহত ৮.৮ প্ৰাবল্যৰ প্ৰবল কম্পন অনুভৱ কৰা একেটা অঞ্চলতে এই ভূমিকম্পটো সংঘটিত হৈছে। সেই সময়ত জাপান, আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় কেইবাখনো দ্বীপ দেশৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল – যেনে হাৱাই, চিলি আৰু কোষ্টা ৰিকা।
কামচাটকা উপদ্বীপ ভূতাত্ত্বিকভাৱে অতি সক্ৰিয় অঞ্চল আৰু ইয়াক প্ৰশান্ত মহাসাগৰীয় অগ্নি আঙঠিৰ অংশ বুলি গণ্য কৰা হয়। ইয়াত প্ৰতিদিনে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কাৰ্যকলাপ সংঘটিত হয়। এই অঞ্চলত বৃহৎ পৰিসৰৰ বিধ্বংসী ভূমিকম্প সংঘটিত হৈছে।
১৯৫২ চনত কামচাটকাত ৯.০ প্ৰাবল্যৰ বিশাল ভূমিকম্পই কঁপাইছিল। এই ভূমিকম্পক এতিয়ালৈকে লিপিবদ্ধ হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। সেই সময়ত ভূমিকম্পৰ ফলত ব্যাপক ধ্বংসলীলা আৰু বৃহৎ ছুনামীও সংঘটিত হয়।