আন এক ভূমিকম্পই বিধ্বংসী ৰূপ ধাৰণ কৰিছে ফিলিপাইনছত। ৩০ ছেপ্টেম্বৰত মধ্য ফিলিপাইনছত ৬.৯ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু হয়। স্থানীয় সংবাদ মাধ্যমত ডিজেএমএম ৰেডিঅ’ৰ উদ্ধৃতি দি এই কথা কোৱা হৈছে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে (USGS) জনাইছে যে, প্ৰায় ৯০ হাজাৰ জনসংখ্যাৰ উপকূলীয় চহৰ বগোৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ উত্তৰ-পূবে ভূমিকম্পৰ কেন্দ্ৰবিন্দু। স্থানীয় ফল্ট লাইনৰ কাষেৰে সংঘটিত হোৱা এই ভূমিকম্পৰ ফলত চহৰ আৰু গাঁৱৰ ব্যাপক ক্ষতিসাধন হয়।
আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম বগোত কমেও ১৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্যে উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিছে বিষয়াসকলে। পাহাৰীয়া গাঁৱত হোৱা ভূমিস্খলনে কেইবাটাও জুপুৰি পুতি থোৱাৰ ফলত উদ্ধাৰকাৰীসকলৰ বাবে বিপজ্জনক ভূখণ্ডত যাত্ৰা কৰাত অসুবিধাৰ সৃষ্টি হয়।