দিল্লীস্থিত কাপুৰথালা হাউচত থকা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ঘৰত নিৰ্বাচন আয়োগৰ এটা দলে তালাচী চলোৱাৰ খবৰ লাভ কৰা গৈছে। তালাচী চলোৱা বিষয়াসকলে জনোৱা অনুসৰি এয়া কোনো অভিযান নহয়, বৰঞ্চ বিজেপিৰ সাংসদ ৰৱনীত বিট্টুৱে দাখিল কৰা এজাহাৰৰ ভিত্তিতহে তদন্ত চলোৱা হৈছে।
নিৰ্বাচন আয়োগে চিভিজিল এপত ভগৱন্ত মানৰ বিৰুদ্ধে এজাহাৰ লাভ কৰিছিল।
এই খবৰ লাভ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে আম আদমী পাৰ্টি। দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই তাক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটাৰযোগে কয়, ‘দিল্লী আৰক্ষীয়ে ভগৱন্ত মানৰ দিল্লীস্থিত ঘৰত ৰেইড মাৰিবলৈ গৈছে। বিজেপিয়ে দিন দুপৰতে টকা, জোতা, চাদৰ বিতৰণ কৰি আছে- সেইবোৰ নেদেখে কিন্তু জনসধাৰণে নিৰ্বাচিত কৰা এজন মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰেইড মাৰিবলৈ গৈছে। ৱাহ বিজেপি! দিল্লীবাসীয়ে ৫ তাৰিখে উত্তৰ দিব!’
উল্লেখ্য যে, আম আদমী পাৰ্টিয়ে এই ঘটনাটোক ডাঙৰ নিৰ্বাচনী ইচ্ছ্যু কৰাৰ চেষ্টা কৰিব। অৱশ্যে বিজেপিকে ধৰি কংগ্ৰেছ দলে দিল্লী নিৰ্বাচনত পঞ্জাৱ চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।