বিশ্বৰ অনিশ্চয়তা আৰু আমেৰিকাৰ শুল্কৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে ভাৰতৰ বাবে আহিছে এক ‘ভাল খবৰ’। এক প্ৰতিবেদন অনুসৰি, ২০৩৮ চনৰ ভিতৰত ভাৰতে ক্ৰয় শক্তি সমতা (পিপিপি)ৰ ক্ষেত্ৰত ৩৪.২ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ আনুমানিক মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰে দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব পাৰে।
এই প্ৰতিবেদন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ অনুমানৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল ইয়াৰ জনসংখ্যা বুলিও প্রতিবেদনত প্রকাশ কৰা হৈছে৷ ২০২৫ চনত ভাৰতৰ গড় বয়স মাত্ৰ ২৮.৮ বছৰ। সঞ্চয়ৰ হাৰৰ ক্ষেত্ৰতো ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। চৰকাৰৰ ঋণ-জিডিপি অনুপাত ২০২৪ চনত ৮১.৩ শতাংশৰ পৰা ২০৩০ চনৰ ভিতৰত ৭৫.৮ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে ইয়াৰ সমকক্ষ দেশসমূহত ঋণৰ মাত্ৰা বৃদ্ধি পাইছে।
এই অনুপাতে দেখুৱাইছে যে এখন দেশৰ বাৰ্ষিক উৎপাদনৰ তুলনাত কিমান ঋণ আছে আৰু এই ঋণ পৰিশোধ কৰাৰ ক্ষমতা কিমান। ইয়াৰ পৰা দেখা যায় এখন দেশৰ অৰ্থনৈতিক অৱস্থা। IMF ৰ এক প্ৰতিবেদনত ২০৩০ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ২০.৭ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ হ’ব পাৰে বুলিও দাবী কৰা হৈছে।