মঙলবাৰে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীক তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে ১০ ঘণ্টা ধৰি জেৰা কৰে। ইডিয়ে চলোৱা জেৰাত অনিল আম্বানীয়ে প্ৰায়বোৰ প্ৰশ্নৰ উত্তৰত কয় যে নথি-পত্ৰ আৰু তথ্য সংগ্ৰহ কৰিবলৈ তেওঁক ৭ৰ পৰা ১০ দিন সময় লাগিব।
খবৰ অনুসৰি সোধা-পোছাৰ সময়ত অনিল আম্বানীয়ে কৈছিল যে সকলো বিত্তীয় সিদ্ধান্ত আভ্যন্তৰীণ ব’ৰ্ডে লৈছিল, মই পিছতহে চহী কৰিছিলো। অৰ্থাৎ তেওঁ নিজকে প্ৰৱঞ্চনাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰখাৰ চেষ্টা চলায়।
৬৬ বছৰীয়া উদ্যোগপতি গৰাকীৰ এই মন্তব্য প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত লিপিবদ্ধ কৰি ৰাখিছে।
উল্লেখ্য যে ১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ অভিযোগত অনিল আম্বানীলৈ ইডিয়ে চমন প্ৰেৰণ কৰি ৫ আগষ্ট অৰ্থাত আজি দিল্লীস্থিত ইডিৰ মুখ্য কাৰ্যালয়ত তেওঁক হাজিৰ হ’বলৈ কোৱা হৈছিল।
ইফালে বিগত সপ্তাহত ইডিয়ে ৰিলায়েন্স গ্ৰুপৰ সৈতে জড়িত মুম্বাইৰ প্ৰায় ৩৫টা স্থানত অভিযান চলাইছিল, য’ত ৫০টা কোম্পানী আৰু ২৫জন লোক জড়িত আছিল।