ছত্তীশগড় সুৰা কেলেংকাৰী গোচৰত তদন্তকাৰী সংস্থা ইডিয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন আবকাৰী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক কাৱাসী লখমাক। বুধবাৰে তৃতীয়বাৰৰ বাবে সোধা-পোছাৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে প্ৰাক্তন মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।
গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱাত লখমাক ৬ দিনৰ ইডি জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ইডিৰ অধিবক্তাই ১৪ দিনৰ জিম্মাত বিচাৰিছিল।
ইফালে লখমাৰ অধিবক্তা ফৈছাল ৰিজৱীয়ে গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰি কয় যে লখমাক ফচোৱা হৈছে আৰু তেওঁৰ ক্লায়েণ্ট নিৰক্ষৰ। তেওঁক ফচোৱা হৈছে আৰু ইয়াৰ পূৰ্বে ইডিয়ে তেওঁক প্ৰায় ৮ ঘণ্টাকৈ দুবাৰ সোধা-পোছা কৰিছিল।
ইফালে আজি ইডিৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে কাৱাছি লখমাই কৈছিল যে তেওঁক সোধা-পোছাৰ বাবে মাতিছে। সেইবাবেই আহিছো। আমাৰ দেশ আইন মতে চলি থাকে, আইন মতে মোক মাতিলে এবাৰ নহয় ২৫ বাৰ আহিম।
আনহাতে ইডিৰ অধিবক্তাই জনোৱা মতে, ইডিৰ তদন্তত অৰবিন্দ সিং আৰু সেই সময়ৰ আবকাৰী বিভাগৰ এমডি এ পি ত্ৰিপাঠীয়ে নিজৰ ষ্টেটমেণ্টত স্বীকাৰ কৰিছিল যে ২টা ছিণ্ডিকেটৰ পৰা ৫০ লাখ টকা আৰু অন্য মাধ্যমৰ পৰা ১.৫ কোটি অৰ্থাত মাহত দুই কোটি টকাকৈ লাভ কৰিছিল। ৩৬ মাহত তেওঁক দিয়া হৈছিল ৭২ কোটি টকা। এই ধন তেওঁৰ পুত্ৰক প্ৰদান কৰা হয় আৰু সেই ধন কংগ্ৰেছ ভৱন নিৰ্মাণতো ব্যৱহাৰ হৈছিল।