শক্তিপীঠ কামাখ্যা মন্দিৰ পৰিচালনা কৰা কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ এটা দলে অভিযান চলাই ব’ৰ্ডৰ প্ৰাক্তন বিষয়ববীয়াৰ ঘৰত।
কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়ববীয়া ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত ইডিয়ে চলাই অভিযান। এই অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে ১.৮২ কোটি টকাৰ বীমা পলিচী জব্দ কৰা হয় বুলি জনায়।
বীমা পলিচীৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও উদ্ধাৰ হোৱা বুলি ইডিয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ আছে।
ইয়াৰ উপৰি কামাখ্যা দোৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়া প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ বাসগৃহতো অভিযান চলায়। ২০০৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত দেৱোত্তৰ ব’ৰ্ডত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই সন্দৰ্ভত CIDত গোচৰ ৰুজু হৈছিল।