মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ ১০ দিন উকলি যোৱাৰ পিছতো মহাযুটীয়ে নিশ্চিত কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ নাম। মহাযুটীৰ সহযোগী দলসমূহৰ মাজত ভিতৰে ভিতৰে যে মুখ্যমন্ত্ৰিত্ব কেন্দ্ৰিক সংঘাত চলিছে সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।
বিশেষকৈ বিজেপি আৰু একনাথ সিন্দে বাহিনীৰ মাজত যেন মিলা নাই অংক। একনাথ সিন্দেৰ আঁকোৰগোজ স্থিতিৰ বাবেই এতিয়ালৈ মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণাত বিলম্ব হোৱা বুলি ধাৰণা কৰা হৈছে।
মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতেই আজি সন্ধিয়া একনাথ সিন্দেক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আৱাসত উপস্থিত হয় বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাৱিছ। বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে একনাথ সিন্দেক সাক্ষাৎ কৰিবলৈ যোৱা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্যবহন কৰিছে।
মহাৰাষ্ট্ৰৰ নতুন চৰকাৰে ৫ ডিচেম্বৰত শপত ল’ব বুলি তাৰিখ ঘোষণা কৰা হৈছে যদিও বিজেপিয়ে এই সময়লৈকে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই। অৱশ্যে এই শীৰ্ষ পদটোৰ দৌৰত সবাটোকৈ শীৰ্ষত আছে দেৱেন্দ্ৰ ফাড়নাৱিছ।
মুম্বাইৰ আজাদ মৈদানত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানৰ বাবে তীব্ৰ গতিত চলিছে আয়োজন। ইয়াৰ উপৰি চৰকাৰ গঠনৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰস্তুত কৰিছে সকলো ফৰ্মূলা। সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, মহাৰাষ্ট্ৰত ৬-১ ফৰ্মূলাত ভগোৱা হ’ব পাৱাৰ। আটাইতকৈ অধিক আসন লাভ কৰা বিজেপিয়ে নতুন চৰকাৰত সৰ্বাধিক দপ্তৰ লাভ কৰিব।