ভাৰতৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ মাজতে ইংলেণ্ড মহিলা টি-২০ দলৰ অধিনায়ক নাটালি স্কাইভাৰ-ব্ৰাণ্টে শৃংখলাৰ পৰৱৰ্তী দুখন মেচ নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁৰ ঠাইত পৰৱৰ্তী মেচ দুখনৰ বাবে দলটোৱে অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছে টামচিন বিউমণ্টক।
জানিব পৰা অনুসৰি গ্ৰ’ইনৰ আঘাতৰ বাবে নাটালিক শৃংখলাৰ পৰৱৰ্তী মেচ দুখনৰ পৰা বিশ্ৰাম প্ৰদান কৰা হৈছে। শুকুৰবাৰে আঘাতৰ বাবে তৃতীয়খন টি-২০ মেচত অংশ ল’ব পৰা নাছিল নাটালিয়ে।
ইয়াৰ পিছত শনিবাৰে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে অৱগত কৰে যে তেওঁ বাকী দুখন মেচ আঘাতৰ বাবে খেলিব নোৱাৰিব।
নাটালিয়াৰ স্থানত ইংলেণ্ড দলত মাইয়া বাউচাৰক অন্তৰ্ভুক্ত কৰা হৈছে।