ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ বাবে ১৪ জনীয়া দল ঘোষণা কৰিছে। সুদীৰ্ঘ তিনি বছৰৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটিছে জেমী অভাৰটনৰ। ইংলেণ্ডৰ হৈ তেওঁ অন্তিমখন টেষ্ট নিউজিলেণ্ডৰ বিৰুদ্ধে ২০২২ চনত খেলিছিল।
ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ বাবে ইংলেণ্ড দলত নিৰ্বাচিত হৈছে জেকব বেথেল আৰু ক্ৰিছ ৱকছ। দুয়োজনে শেষবাৰৰ বাবে যোৱা বছৰৰ ডিচেম্বৰ মাহত ইংলেণ্ডৰ হৈ টেষ্ট মেচ খেলিছিল। আঘাতৰ বাবে জিম্বাবুৱেৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব পৰা নাছ্ল ৱকছ আৰু কাৰ্ছে।
ইফালে ঘোষণা কৰা দলটোৰ বেটিং বিভাগত আছে দুৰ্দান্ত ফৰ্মত থকা জো ৰুট, জেক ক্ৰ’লি, আৰু অলি পোপ। শ্বোয়াইব বছিৰ, জেকব বেথেল আৰু জেমী স্মিথৰ দৰে যুৱকে দলত স্থান লাভ কৰিছে।
উল্লেখ্য যে এইটোৱেই হ’ব দুয়োটা দলৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰৰ আৰম্ভণি। ৰোহিত শৰ্মাৰ টেষ্ট অৱসৰৰ পিছত শুভমন গিলক ভাৰতৰ নতুন টেষ্ট অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে। ইফালে বিৰাট কোহলীয়েও বিদায় জনাইছে ৰেডবল ফৰ্মেটক। দুয়োজনৰ অনুপস্থিতিত এইবাৰ ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলৰ ভৰসা যুৱ নেতৃত্বৰ হাতত।
প্ৰথম টেষ্টৰ বাবে ইংলেণ্ডৰ দল : বেন ষ্ট’কছ (অধিনায়ক), শ্বোয়াইব বছিৰ, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, ছেম কুক, জেক ক্ৰ’লি, বেন ডাকেট, জেমী অভাৰটন, অলি পোপ, জো ৰুট, জেমী স্মিথ, জোছ টংগ, ক্ৰিছ ৱকছ।
উল্লেখ্য যে, ভাৰত-ইংলেণ্ডৰ মাজত অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব পাঁচখন টেষ্ট মেচৰ শৃংখলা।