‘মহাভাৰত’ত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰা ৰূপা গাংগুলীয়ে ২৫ নৱেম্বৰ অৰ্থাৎ আজি পালন কৰে ৫৮ সংখ্যক জন্মদিন। ১৯৮৮ চনতেই তেওঁ আৰম্ভ কৰিছিল নিজৰ অভিনয় জীৱন।
আজি তেখেতৰ জন্মদিন উপলক্ষে অভিনয় জীৱনৰ পৰা আদি কৰি ৰাজনৈতিক যাত্ৰাৰ বিষয়ে জানো আহক-
বি আৰ চোপ্ৰাই ৯০ দশকত ‘মহাভাৰত’ আৰম্ভ কৰিছিল, এই অনুষ্ঠানটো ৰাইজৰ মাজত অতি জনপ্ৰিয় হৈছিল। এই শ্ব’টোৱে বহু নতুন মুখক স্বীকৃতি দিছিল, য’ত ৰূপা গাংগুলীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। ৰূপা গাংগুলীয়ে ‘মহাভাৰত’ত দ্ৰৌপদীৰ চৰিত্ৰত অতি সুন্দৰ ৰূপত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ ৰাইজৰ বহু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।
কিন্তু কিছু সময়ৰ পাছত অভিনেত্ৰীগৰাকী পৰ্দাৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ ৰাজনীতিত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান ৰূপা গাংগুলী পৰিচিত ৰাজ্যসভাৰ সাংসদ হিচাপে।
‘মহাভাৰত’ত দ্ৰৌপদী নামেৰে পৰিচিত ৰূপাই ইতিমধ্যে বহু ছবিতো কাম কৰি আহিছে। হিন্দীৰ লগতে বাংলা উদ্যোগতো ৰূপা গাংগুলী এক বিশেষ নাম। ১৯৮৫ চনত ৰূপাৰ কেৰিয়াৰ আৰম্ভ হৈছিল, সেই সময়ত তেওঁ শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল। প্ৰথমে অনিল কাপুৰ অভিনীত ছবি ‘চাহেব’ত কাম কৰিছিল, তাৰ পিছত একেবাৰে পিছৰ বছৰত মালয়ালম ছবি ‘ইথালে ইননুম বৰু’ত কাম কৰিছিল।
১৯৮৮ চনত ‘মহাভাৰত’ ছবিত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিয়োজিত হয়, তাৰ পিছত ৰাইজৰ মাজত স্বীকৃতি লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ বহু ছবিত কাম কৰি আহিছে। ২০১৫ চনত তেওঁ অভিনয় জীৱনত স্তব্ধ কৰি ৰাজনীতিত নিজৰ ভাগ্যৰ চেষ্টা কৰে। অভিনয় জীৱনৰ সময়ছোৱাত তেওঁ বহুতো বঁটা লাভ কৰিছে, ইয়াৰে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শিল্পী বঁটা, ভাৰতীয় টেলি বঁটা আদি বহুতো বঁটা লাভ কৰিছে।
২০১৫ চনত ৰূপাই বিজেপি দলত যোগদান কৰি ২০১৬ চনৰ পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। পিছত ৰূপা গাংগুলীক পশ্চিমবংগ মহিলা মৰ্চাৰ সভানেত্ৰী কৰা হয়, কাৰণ দলটোৱে জনপ্ৰিয় মুখ বিচাৰিছিল। ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে ৰূপাই ১৯৯২ চনত পশ্চিম বংগৰ মেকানিকেল ইঞ্জিনিয়াৰ ধ্ৰুৱ মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।তেওঁলোকৰ এজন পুত্ৰ আকাশ মুখাৰ্জীৰ জন্ম হয়।
পিছে পিছলৈ খবৰ আহে যে, বাংলা গায়ক দিব্যেন্দু মুখাৰ্জীৰ সৈতে তেওঁ লাইভ ইন ৰিলেচন আছে।