এইবাৰ মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ। ৰূপহীহাটৰ ভকতগাঁৱৰ মুক্তাব বিদ্যালয়লৈ দিয়া হৈছে উচ্ছেদৰ জাননী।
আজি চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২ নং গেজিং ৰিজাভৰ ৩৮বিঘাৰ ভূমিত চলিছে উচ্ছেদ। প্ৰায় ৭৫টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহ চক্ৰই। ১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে। বেদখলকৃত ভূমি খালি কৰিবলৈ চৰকাৰী নিৰ্দেশনা পালন কৰি খালী কৰিছে চৰকাৰী ভূমি। এই উচ্ছেদিত এলেকাত আছে ৰূপহী ভকতগাঁও মুক্তাব বিদ্যালয়।
যাৰ বাবে এক সপ্তাহৰ ভিতৰত বিদ্যালয়ৰ বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ দিছে প্ৰশাসনে। অন্যথা ১২ ডিচেম্বৰত প্ৰশাসনে মুক্তাব বিদ্যালয়ত চলাব উচ্ছেদ। ১৯৮৫ চনত স্থাপন হোৱা বিদ্যালয়খনত আছে ৪৭গৰাকী ছাত্ৰ ছাত্ৰী। ২গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনত চলাই আহিছে পাঠদান।
আকৌ ৰূপহীহাটৰ উচ্ছেদিতৰ মাজত উঠিছে কান্দোনৰ ৰোল।হিয়া ঢাকুৰি ঢাকুৰি কান্দিছে উচ্ছেদিতই।











