৩২০০ কোটি টকা সুৰা কেলেংকাৰী গোচৰত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেশ বাঘেলৰ বাসগৃহত আজি পুনৰ প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) তালাচী অভিযান চলায়। এই অভিযানৰ পিছতেই অভিযানকাৰী দলটোৱে ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, ইতিমধ্যেই ছত্তীশগড় সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন আবকাৰী মন্ত্ৰী তথা কোটাৰ বিধায়ক কাৱাসী লখমা। একে সময়তে ৰায়পুৰৰ প্ৰাক্তন মেয়ৰ এজাজ ধেবৰৰ ভাতৃ, প্ৰাক্তন আই এ এছ বিষয়া অনিল টুটেজা আৰু আবকাৰী বিভাগৰ প্ৰাক্তন এম ডিৰ বিৰুদ্ধেও বলবৎকাৰী সঞ্চালকালয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।
সুৰা কেলেংকাৰিৰ ধন চৈতন্য বাঘেল আৰু তেওঁৰ ঘনিষ্ঠ লোকৰ সম্পত্তিত বিনিয়োগ কৰা বুলি ইডিৰ তদন্তত জানিব পৰা গৈছে।
ভূপেশ বাঘেলৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত (২০১৮-২৩) ছত্তীশগড়ত প্ৰায় ৩২০০ কোটি টকাৰ সুৰা কেলেংকাৰী পোহৰলৈ আহে। অভিযোগ উত্থাপন হৈছিল যে এই কেলেংকাৰিৰ পৰা শ-শ কোটি টকাৰে আত্মীয়ৰ নামত বিষয়াসকলে সম্পত্তি ক্ৰয় কৰিছিল। অভিযোগনামাত কোৱা হৈছিল যে অভিযুক্তই ৬১ লাখ অবৈধ বাকচ সুৰা বিক্ৰী কৰিছে।










