উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ। চৰকাৰী নিৰ্দেশ অনুসৰি সলনি হ’ব প্ৰশ্নকাকতসমূহৰ পদ্ধতি। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ১২ টা বিষয়ৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনি হ’ব। জানো আহক ইয়াৰ সবিশেষ-
- থিয়ৰীৰ মুঠ নম্বৰৰ ৫০ শতাংশ প্ৰশ্ন হ’ব MCQ
- বহু বিকল্পধৰ্মী প্ৰশ্নৰ এটাৰ বিপৰীতে থাকিব ১ নম্বৰ।
- বাকী থকা ৫০ শতাংশ প্ৰশ্ন হ’ব অতি চুটি, চুটি আৰু দীঘল।
- বিজ্ঞান শাখাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ৰ থিয়ৰীৰ ৭০ নম্বৰৰ ভিতৰত ৩৫ নম্বৰ MCQ ভিত্তিক হ’ব ,বাকী ৩৫ নম্বৰৰ অতি চুটি, চুটি আৰু দীঘল প্ৰশ্ন থাকিব।
- গণিত বিষয়ৰ ১০০ নম্বৰৰ থিয়ৰীৰ ভিতৰত ৫০ নম্বৰৰ প্ৰশ্ন হ’ব MCQ ভিত্তিক, বাকী থকা প্ৰশ্নৰ ভিতৰত ৫০ নম্বৰৰ অতি চুটি, চুটি আৰু দীঘল প্ৰশ্ন থাকিব।
- ৰাজনীতি বিজ্ঞান, অৰ্থনীতিৰ থিয়ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰৰ প্ৰশ্ন হ’ব MCQ ভিত্তিক, বাকী ৪০ নম্বৰৰ অতি চুটি, চুটি আৰু দীঘল প্ৰশ্ন থাকিব।
- শিক্ষা, তৰ্ক, দৰ্শন শাস্ত্ৰ, বুৰঞ্জী বিষয়ত ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰৰ প্ৰশ্ন হ’ব MCQ ভিত্তিক, বাকী ৫০ নম্বৰৰ অতি চুটি, চুটি আৰু দীঘল প্ৰশ্ন থাকিব।
- একাউনটেন্সি, ফাইনেন্সৰ থিয়ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰৰ প্ৰশ্ন হ’ব MCQ ভিত্তিক, বাকী ৪০ নম্বৰৰ অতি চুটি, চুটি আৰু দীঘল প্ৰশ্ন থাকিব।