ইৰানৰ বন্দৰ চহৰ আব্বাছত সংঘটিত হোৱা এক শক্তিশালী বিস্ফোৰণত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে অতি কমেও ৭৫০ গৰাকী লোক আহত হৈছে। শনিবাৰে ইৰানৰ দক্ষিণ প্ৰান্তৰ চহৰখনৰ শ্বাহিদ ৰাজাই বন্দৰত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ইৰানৰ এজন শীৰ্ষ বিষয়াই স্থানীয় সংবাদ মাধ্যমৰ আগত কয় যে বন্দৰটোত মজুত থকা কণ্টেইনাৰৰৰ পৰা বিস্ফোৰণটো সংঘটিত হ’ব পাৰে।
উল্লেখ্য যে, আব্বাছ ইৰানৰ আটাইতকৈ আধুনিক বন্দৰ আৰু দেশখনৰ অৰ্থনীতিতো ইয়াৰ অপৰিসীম গুৰুত্ব আছে। এই বন্দৰৰ পৰাই বিশ্বৰ মুঠ উপাদিত খাৰুৱা তেলৰ পাঁচ ভাগৰ এভাগ পৰিবহণ হৈ থাকে।
ইফালে পৰমানু চুক্তিক লৈ ইৰানৰ সৈতে ওমানত তৃতীয়লানি আলোচনাত বহিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই সময়তে আব্বাছত ঘটনা বিস্ফোৰণে বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে। পাৰমাণৱিক চুক্তিত স্বাক্ষৰ নকৰিলে ইৰানত নজিৰবিহীন বোমাবৰ্ষণ হ’ব বুলি কিছুদিন পূৰ্বে সতৰ্ক কৰি দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
শনিবাৰে আব্বাছত হোৱা বিস্ফোৰণস্থলীৰ সমীপতে আছে ইৰানৰ সশস্ত্ৰ বাহিনী ইছলামিক ৰিভল্যুচনাৰী গাৰ্ড ক’ৰ্পছৰ এটা নৌসেনা ঘাটি। বিস্ফোৰণৰ পিছতেই অঞ্চলজুৰি জুই আৰু ক’লা ধোৱাই ছানি ধৰা দেখা যায়।