হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। লিফ্ট দিয়াৰ অজুহাতত এগৰাকী মহিলাৰ সৈতে সংঘটিত হয় অপকৰ্ম। অভিযুক্তই ফৰিদাবাদ-গুৰুগ্ৰাম পথত গাড়ীখনত ২ ঘণ্টা ধৰি ঘূৰি ফুৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। পুৱা ৩:০০ বজাত এছ জি এম নগৰৰ ওচৰৰ চলন্ত গাড়ীৰ পৰা মহিলাগৰাকীক পেলাই পলায়ন কৰে অভিযুক্তই।
ইতিমধ্যে মহিলাগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে।
আৰক্ষীৰ মুখপাত্ৰ যশপাল সিঙৰ পৰা পোৱা তথ্য অনুসৰি, ভুক্তভোগীৰ ভগ্নীয়ে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে তেওঁৰ ভগ্নীৰ পৰা ৮:৩০ বজাত ফোন আহিছিল। ঘৰত মাকৰ লগত কাজিয়া কৰি বন্ধুৰ ঘৰলৈ যোৱা বুলি ভগ্নীক কৈছিল। তিনি ঘণ্টাৰ পিছত বন্ধুৰ ঘৰৰ পৰা উভতি আহিব বুলি ভুক্তভোগীয়ে জানিবলৈ দিছিল।
ভুক্তভোগীৰ ভগ্নীয়ে জনোৱা মতে, প্ৰায় ১২ বজাত ভুক্তভোগী মহিলাগৰাকীয়ে বাহনৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে ২ জন যুৱক কঢ়িয়াই অনা এখন ইকো ভ্যান তেওঁৰ ওচৰত ৰয়। অভিযোগ অনুসৰি, লিফ্টৰ প্ৰস্তাৱ দিয়াৰ পিছত দুয়োজনে ভ্যানখন লৈ গুৰুগ্ৰাম পথৰ দিশে আগবাঢ়ে। ফৰিদাবাদ-গুৰুগ্ৰাম পথৰ হনুমান মন্দিৰৰ কাষেৰে পাৰ হৈ এজন অভিযুক্তই গাড়ী চলাই থকাৰ বিপৰীতে আনজনে মহিলাগৰাকীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰে। অভিযুক্তই দুঘণ্টা ধৰি ফৰিদাবাদ-গুৰুগ্ৰাম পথৰ কাষেৰে ভেনখন চলাইছিল।
পুৱা ৩ বজাত অভিযুক্তই চলন্ত ভ্যানৰ পৰা ভুক্তভোগীক পেলাই দি পলায়ন কৰে। পথত পৰি মহিলাগৰাকীৰ মূৰ আৰু মুখত আঘাতপ্ৰাপ্ত হয়। পুৱতি নিশা ভুক্তভোগী মহিলাগৰাকীয়ে ভগ্নীক ফোন কৰি উক্ত ঘটনাৰ বিষয়ে অৱগত কৰে। চিকিৎসাৰ বাবে ফৰিদাবাদ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ শাৰিৰীক অৱস্থাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰে। বৰ্তমান ফৰিদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।










