নেচনেল কনফাৰেন্সৰ প্ৰধান ফাৰুক আব্দুল্লাই জম্মু-কাশ্মীৰত সংঘটিত হৈ থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক দোষাৰোপ কৰিছে। উপত্যকাটোত হৈ থকা সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবৰ বাবে পাকিস্তানক সকিয়নীও প্ৰদান কৰে আব্দুল্লাই।
কেন্দ্ৰীয় শাসিত অঞ্চলত ধাৰাবাহিকভাৱে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ফাৰুক আব্দুল্লাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা বাৰামুল্লাত সেনাবাহিনীৰ এখন বাহনক লক্ষ্য কৰি লোৱা হয়। এই আক্ৰমণত দুজন জোৱান আৰু দুজন সাধাৰণ নাগৰিককে ধৰি চাৰিজন লোক নিহত হয়। ইয়াৰ তিনিদিন পূৰ্বে ছয়জন শ্ৰমিক আৰু এজন চিকিৎসককো গুলীয়াই হত্যা কৰা হৈছিল।
ফাৰুক আব্দুল্লাই কয়, “যেতিয়ালৈকে আমি উপযুক্ত সমাধান বিচাৰি নাপাওঁ তেতিয়ালৈকে এনেধৰণৰ কাৰ্যকলাপ (সন্ত্রাসবাদী আক্রমণ) ৰাজ্যখনত চলি থাকিব… আমি সকলোৱে ইয়াৰ শিপাৰ সৈতে পৰিচিত। ৩০ বছৰ ধৰি মই নিৰীহ লোকৰ ওপৰত চলাই থকা আক্ৰমণ আৰু হত্যাকাণ্ড দেখি আহিছো। আমি পাকিস্তানৰ অংশ কেতিয়াও নহও বুলি জানিও তেওঁলোক (পাকিস্তান) কিয় এই কাম কৰি আছে আৰু তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰি আছে…?”
আব্দুল্লাই স্থানীয় এটা নিউজ চেনেলক কয়, “আমাৰ বহু সতীৰ্থ শ্বহীদ হৈছে… কিন্তু প্ৰতি বছৰে এই কাম চলি থাকে, আৰু ইয়াৰ বাবে কোন দায়ী সেয়া আপুনি জানে। তেওঁলোকে ভুলকৈ ভাবে যে ইয়াৰ ফলত তেওঁলোকে কাশ্মীৰক পাকিস্তানৰ অংশ কৰিব পাৰিব।”
তেওঁ কয়, “তেওঁলোকে নিজৰ দেশত উদ্ভৱ হোৱা সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিব লাগে। মই তেওঁলোকক আহ্বান জনাইছো যে এইটো শেষ কৰি বন্ধুত্বৰ উপায় বিচাৰি উলিয়াওক… নহ’লে সমস্যাৰ সৃষ্টি হ’ব।”
ফাৰুক আব্দুল্লাই তেওঁৰ পুত্ৰ তথা মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দিয়া বক্তব্য পুনৰবাৰ উল্লেখ কৰি কয়, “আঘাতপ্ৰাপ্ত আৰু মৃত্যু হোৱাসকলৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো।”