ভাৰতৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত কেফেক পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। খবৰ অনুসৰি, কেফেখনত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে আৰু লৰেন্স বিষ্ণয় গেঙে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই গেঙৰ নামত ইয়াৰ পূৰ্বেও দুবাৰকৈ কপিলৰ কেফেত আক্ৰমণ কৰাৰ খবৰ ওলাইছিল।
চাৰিচকীয়া বাহনেৰে আহি তিনি জাঁই গুলী চলোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অৱশ্যে সৌভাগ্যৰ কথা এয়াই যে এই আক্ৰমণত কোনো লোকৰ মৃত্যু বা আঘাতপ্ৰাপ্ত হোৱা নাই। অৱশ্যে সা-সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন হয়। স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
লৰেন্স গেঙৰ সৈতে জড়িত গেংষ্টাৰ গোল্ডি ধিলন আৰু কুলদীপ সিদ্ধু ওৰফে নেপালীয়ে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। শিখ শ্লোগান ‘ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কি ফাতেহ’ৰ সৈতে পোষ্টটোত লিখা আছিল, ‘আজি (কেপছ কেফেত) সংঘটিত হোৱা তিনি জাঁই গুলীচালনাৰ দায়িত্ব মই, কুলৱীৰ সিদ্ধু আৰু গোল্ডি ধিলনে লওঁ। সাধাৰণ জনতাৰ সৈতে আমাৰ কোনো শত্ৰুতা নাই। যাৰ লগত আমাৰ কাজিয়া হৈছে তেওঁলোকে আমাৰ পৰা আঁতৰি থাকিব লাগে।’
উল্লেখ্য যে, কপিল শৰ্মাৰ কেফেত এয়াই প্ৰথম আক্ৰমণ নহয়। ইয়াৰ পূৰ্বেও দুবাৰ চলিছিল আক্ৰমণ। চলিত বৰ্ষৰ জুলাই মাহত মুকলি কৰা হৈছিল এই কেফেখন।