বংগ-ছিকিম সীমান্তত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত পাঁচগৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হয়। শিলিগুৰিৰ পৰা গেংটক অভিমুখে গৈ থকা অৱস্থাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই তিস্তা নৈত বাগৰি পৰে বুলি জানিব পৰা গৈছে।
শনিবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাটোত মৃত্যু হোৱা আৰু আহত হোৱা লোকসকলক এতিয়াও চিনাক্ত কৰিব হোৱা নাই। মৃত্যু হোৱা লোকৰ ভিতৰত মহিলা থকা বুলিও জানিব পৰা গৈছে।
ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষী আৰু উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি আহত লোকসকলক চিকিৎসাৰ বাবে ৰংপোস্থিত স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জনায়।
কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল সেই কথা এতিয়াও নিশ্চিত হোৱা নাই যদিও দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ ভিতৰত একাংশ পৰ্যটকো আছিল বুলি ঘটনাস্থলত উপস্থিত থকা আৰক্ষীয়ে জানিব দিয়ে।