ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণৰ হঠাত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ভেণ্টিলেটৰত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰৰ এক বিশ্বস্ত সূত্ৰই এই কথা জানিব দিয়ে।
বিগত ডেৰ মাহ ধৰি তেওঁ দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি হৈ আছে। বৃক্ক ৰোগ সম্বন্ধীয় কাৰণৰ বাবে তেওঁক জুন মাহৰ শেষৰফালে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
উল্লেখ্য যে এই সন্দৰ্ভত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে সাংবাদিকৰ সৈতে কথা পাতি কয় যে তেওঁৰ পিতৃ তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিবু ছোৰেণে জীৱনত যিদৰে বহু যুদ্ধত জয়ী হৈছে, ঠিক সেইদৰেই নিজৰ স্বাস্থ্যৰ যুঁজতো জয়ী হ’ব।
উল্লেখ্য যে, ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেইবাগৰাকীও শীৰ্ষ ৰাজনৈতিক নেতাই হাস্পতালত উপস্থিত হৈ বৰ্ষীয়ান নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছে।