মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৮ গৰাকী নিৰীহ লোকৰ মৃত্যু হোৱা ঘটনাই দেশৰ লগতে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সীমান্তৰ সীপাৰৰ পৰা এই আক্ৰমণ নিয়ন্ত্ৰণ কৰা বুলি ওলোৱা খবৰৰ পিছতেই পাকিস্তান ইয়াৰ সৈতে জড়িত নহয় বুলি স্পষ্টীকৰণ প্ৰদান কৰিছে। ইয়াৰ মাজতে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ দানিশ কানেৰিয়াই নিজৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
দানিশ কানেৰিয়াই কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত যদি পাকিস্তানৰ কোনো ভূমিকা নাই, তেন্তে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এতিয়াও কিয় গৰিহণা দিয়া নাই? হঠাতে আপোনাৰ সেনাই কিয় হাই এলাৰ্টত আছে? কাৰণ ভিতৰৰ পৰা আপুনি সত্যটো জানে। আপুনি সন্ত্ৰাসবাদীক আশ্ৰয় আৰু পুষ্টি দি আছে। লাজ লাগিব লাগে।’