উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনা। এটা ঘৰৰ দেৱাল খহি পৰাৰ ফলত এটা পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু হয়। বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ঘৰটোৰ দেৱালখন দুৰ্বল হৈ পৰে আৰু ১৯ জুনৰ নিশা প্ৰায় ১.৩০ বজাত দেৱালখন খহি পৰে।
এই ঘটনাৰ পিছত উদ্ধাৰকাৰী দল ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলাই যদিও তেতিয়ালৈকে পৰিয়ালটোৰ চাৰিওজন লোকৰে মৃত্যু হৈছিল।
মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ২৬ বছৰীয়া আলী আহমেদ, তেওঁৰ পত্নী ৰুকমা খাতুন, তিনি বছৰীয়া পুত্ৰ আৰু দহমহীয়া এটি কন্যা সন্তান।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে শীৰ্ষ বিষয়া মোৰি জব্বৰ সিং আছৱাল, ৰাজহ উপ-পৰিদৰ্শক, এছডিআৰএফ (ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী) আৰু আৰক্ষীৰ দলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।