দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’না ভাইৰাছৰ সংক্ৰমণ। বিগত কিছু দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো লোক ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯ মে’ পৰ্যন্ত দেশত কোভিডৰ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৫৭ গৰাকী। ভাৰতৰ সমান্তৰালকৈ বিশ্বৰ আন আন দেশতো কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে।
বিশেষকৈ এছিয়া মহাদেশত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কোভিডৰ সংক্ৰমণ। ইয়াৰে অধিকাংশই হৈছে জেএন ১ ভেৰিয়েণ্ট।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ১২ মে’লৈকে দেশত কোভিড আক্ৰান্তৰ সংখ্যা আছিল ১৬৪। কেৰালাত সৰ্বাধিক ৬৯ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। তদুপৰি মহাৰাষ্ট্ৰ আৰু তামিলনাডুতো বৃদ্ধি পাইছে আক্ৰান্তৰ খবৰ। ইতিমধ্যে এই বিষয়টোক লৈ সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰ চৰকাৰে।
সৰ্বাধিক আক্ৰান্তৰ তালিকাৰ দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ। ৩৪ গৰাকী আক্ৰান্ত হৈছে তামিলনাডুত। কৰ্ণাটকত ৮, গুজৰাটত ৬ আৰু দিল্লীত ৩গৰাকী লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ইফালে হাৰিয়ানা, ৰাজস্থান আৰু ছিকিমতো এজনকৈ লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি, কেৰালাত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৫।