জম্মু-কাশ্মীৰৰ কথুৱাত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন আৰক্ষী কৰ্মী আহত হোৱাৰ খবৰ আহিছে। এই অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা বৃহত দলে বাহৰ পাতি থকা বুলি লাভ কৰা খবৰৰ ভিত্তিত বিগত চাৰিদিনৰ পৰা নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে।
আজি ৰাতিপুৱা নিৰাপত্তাৰক্ষীৰ এটা দলে ৰাজবাঘ অঞ্চলৰ জাখোল গাঁৱত প্ৰৱেশ কৰাৰ পিছতে সন্ত্ৰাসবাদীৰে আৰম্ভ হয় সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি, সংঘৰ্ষৰ পিছতেই ঘটনাস্থললৈ আৰু অধিক নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে, দেওবাৰে হীৰানগৰ অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছিল প্ৰায় আধা ঘণ্টাজোৰা সংঘৰ্ষ। এই ঘটনাৰ পিছতে পলায়ন কৰিবলৈ সক্ষম হোৱা সন্ত্ৰাসবাদী কেইজনৰ সৈতেই আজি এই এনকাউণ্টাৰ চলা বুলি অনুমান কৰা হৈছে।
আজি সংঘৰ্ষ চলি থকা অঞ্চলটো হীৰানগৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত অৱস্থিত।