ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া পাঁচখন টেষ্ট মেচৰ শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দলে প্ৰস্তুতি চলাই থকাৰ সময়তে আহিছে এক ডাঙৰ খবৰ। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে হঠাতে ইংলেণ্ড এৰি স্বদেশলৈ উভতি আহিছে। মুখ্য প্ৰশিক্ষকগৰাকীৰ মাতৃ হাৰ্ট এটেক হৈ আই চি ইউত ভৰ্তি হৈ থকা বাবেই তেওঁ ভাৰতলৈ উভতা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ৭ জুনত ভাৰতীয় দলৰ সৈতে গৌতম গম্ভীৰো লণ্ডনত উপস্থিত হৈছিল। বৰ্তমান ভাৰতীয় দলে বেকেনহামত প্ৰস্তুতি চলাই আছে। আজিৰ পৰা ইণ্ট্ৰা স্কোৱাড প্ৰস্তুতি মেচ খেলিব ভাৰতীয় দলে।
অৱশ্যে অহা ২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাৰ পূৰ্বে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ভাৰতীয় দলত যোগ দিব।
গম্ভীৰৰ মাতৃ সীমা গম্ভীৰ হৃদ ৰোগত আক্ৰান্ত হৈ দিল্লীৰ এখন হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছে যদিও বৰ্তমান তেওঁ সংকটমুক্ত।
জানিব পৰা অনুসৰি, গম্ভীৰে পুনৰ ১৭ জুনত ইংলেণ্ডত উপস্থিত হ’ব। ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ২০ জুনৰ পৰা হেডিংলে ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব।