মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দামামা। গাজাত ইজৰাইলৰ আক্ৰমণত কমেও ৭২ জন লোক নিহত হয়। গাজাৰ স্বাস্থ্য বিষয়াই জনোৱা মতে, দক্ষিণৰ খান ইউনিছ চহৰৰ সমীপৰ মুৱাছিত ইজৰাইলে টেণ্ট কেম্পত আক্ৰমণ চলোৱাৰ ফলত তিনিটা শিশু লগতে তেওঁলোকৰ পিতৃ-মাতৃ নিহত হয়। আত্মীয়ই জনোৱা অনুসৰি, শুই থকা অৱস্থাতে তেওঁলোকক আক্ৰমণ কৰা হয়।
খবৰ অনুসৰি, শুকুৰবাৰে গভীৰ নিশা ইজৰাইলে এই আক্ৰমণ আৰম্ভ কৰিছিল আৰু শনিবাৰে পুৱালৈকে চলিছিল। গাজা চহৰৰ পেলেষ্টাইন ষ্টেডিয়ামৰ সমীপত এই আক্ৰমণত ১২ জন লোকৰ মৃত্যু হয়। এই ষ্টেডিয়ামত স্থানচ্যুত লোকক আশ্ৰয় দিয়া হৈছিল।
স্বাস্থ্য বিষয়াৰ মতে, ২০টাতকৈও অধিক মৃতদেহ হাস্পতাললৈ লৈ যোৱা হৈছে। শনিবাৰে বিয়লি পূব গাজা চহৰৰ এটা পথত আক্ৰমণত ১১ জন লোক নিহত হোৱাৰ লগতে মৃতদেহ আল-আহলী হাস্পতাললৈ লৈ যোৱা হয়।
এনে সময়তে এই আক্ৰমণ সংঘটিত হৈছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, অহা এসপ্তাহৰ ভিতৰত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি হ’ব পাৰে। ২৭ জুনত অ’ভেল অফিচত সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে, ট্ৰাম্প চৰকাৰে গাজাৰ ওপৰত কাম কৰি আছে আৰু ইয়াৰ যত্ন ল’বলৈ চেষ্টা কৰি আছে। পৰিস্থিতিৰ বিষয়ে অৱগত এজন বিষয়াই কয় যে, ইজৰাইলৰ কৌশলগত পৰিক্ৰমা মন্ত্ৰী ৰন ডাৰ্মাৰ আগন্তুক সপ্তাহত গাজা যুদ্ধবিৰতি, ইৰাণ আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনাৰ বাবে ৱাশ্বিংটনত উপস্থিত হ’ব।