আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাক নাকচ কৰিছে হামাছে। শান্তি পৰিকল্পনাত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে ইজিপ্তত অনুষ্ঠিত হ’বলগীয়া গাজা শান্তি পৰিকল্পনা শীৰ্ষ সন্মিলনতো নিজৰ অনুপস্থিতিৰ কথা ঘোষণা কৰিছে।
গাজা শান্তি পৰিকল্পনাত স্বাক্ষৰ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিছে হামাছে। তদুপৰি হামাছে গাজা শান্তি পৰিকল্পনাক অৰ্থহীন কথা বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত ৰাষ্ট্ৰপতি ট্ৰাম্পে গাজাত শান্তি আৰু যুদ্ধবিৰতি স্থাপনৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিব পাৰে।
গাজা শান্তি পৰিকল্পনাৰ কিছুমান প্ৰস্তাৱ গ্ৰহণযোগ্য নহয় বুলি হামাছে উল্লেখ কৰে। ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে গাজা ষ্ট্ৰিপ এৰি যোৱাৰ প্ৰস্তাৱ নাকচ কৰে। ইয়াৰ উপৰিও বহু পেলেষ্টাইনী হামাছৰ সদস্যই, নিজৰ সদস্যই গাজা এৰিব লাগে বুলিও নাকচ কৰিছে।
এই কাৰণেই ইজৰাইলৰ সৈতে অধিক শান্তি আলোচনা অসম্ভৱ হ’ব পাৰে বুলি কৈ ইজিপ্তত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত হামাছে অংশগ্ৰহণ নকৰে।