গাজাত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা হিজবুল্লাহে উত্তৰ ইজৰাইলত তীব্ৰ বিমান আক্ৰমণ আৰু স্থল আক্ৰমণ চলাই আহিছে। এই আক্ৰমণৰ বাবে উত্তৰ ইজৰাইলৰ সকলো বিদ্যালয় বন্ধ হৈ পৰিছিল। এতিয়া প্ৰায় ডেৰ বছৰৰ পাছত এইবোৰ অঞ্চলত বিদ্যালয় খোলা হৈছে। ইজৰাইলৰ বিষয়াসকলে এই তথ্য দিছে।
এক সংবাদ সংস্থাৰ মতে, ইজৰাইলৰ শিক্ষা মন্ত্ৰালয়ে কয় যে যুদ্ধৰ সময়ত বিদ্যালয়ৰ ভৱনসমূহৰ ক্ষতিসাধন হোৱাৰ বাবে, বহু শিক্ষক উপলব্ধ নোহোৱাৰ বাবে আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে পৰিয়ালৰ সৈতে দেশৰ মধ্য আৰু দক্ষিণ অংশলৈ গুচি যোৱাৰ বাবে বিদ্যালয়সমূহ ক্ৰমান্বয়ে মুকলি কৰা হ’ব।
দেওবাৰে অভিভাৱকসকললৈ প্ৰেৰণ কৰা জাননীত মন্ত্ৰালয়ে কয় যে, ২০২৩ চনৰ অক্টোবৰ মাহত উত্তৰ ইজৰাইলৰ ৪৩খন চহৰ, নগৰ আৰু গাঁৱৰ ১৯৫খন বিদ্যালয় আৰু কিণ্ডাৰগাৰ্ডেনৰ পৰা প্ৰায় ১২,৬০০ ছাত্ৰ-ছাত্ৰীক পৰিয়ালৰ সৈতে খালী কৰা হৈছিল। মন্ত্ৰালয়ে জনোৱা মতে, এতিয়া প্ৰতিটো পৰিয়ালে সিদ্ধান্ত ল’ব পাৰিব যে ঘৰলৈ উভতি আহি ল’ৰা-ছোৱালীক পুৰণি স্কুলত পুনৰ নামভৰ্তি কৰিব নে য’ত নতুনকৈ স্থিতি লৈছিল তাতেই পঢ়া-শুনা অব্যাহত ৰাখিব।
ইয়াৰ উপৰিও বিদ্যালয়ৰ পাছৰ কাম-কাজ বৃদ্ধিৰ বাবে চৰকাৰে ৫ কোটি চেকেল অৰ্থাৎ(প্ৰায় ১৩.৮৯ মিলিয়ন ডলাৰ) বাজেট মুকলি কৰিছে। লগতে শিশুসকলৰ মানসিক অৱস্থা শক্তিশালী কৰাৰ বাবে বিশেষ সহায় আৰু পথ প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ কৰা হৈছে যাতে তেওঁলোকে এই সংঘাতৰ প্ৰভাৱ অতিক্ৰম কৰিব পাৰে।
একে সময়তে ইজৰাইলে ৰমজানৰ সময়ত গাজা ষ্ট্ৰিপত অস্থায়ী যুদ্ধবিৰতি আৰু ইহুদীসকলৰ নিস্তাৰ-পৰ্বৰ সময়ত অস্থায়ী যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শনিবাৰ আৰু দেওবাৰৰ মাজৰ নিশা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই ঘোষণা কৰিছিল যদিও পিছত ইজৰাইলে নিজৰ সিদ্ধান্ত উলটি গাজালৈ মানৱীয় সাহায্য বন্ধ কৰি দিয়ে।