ইজৰাইলৰ ফালৰ পৰা হামাছলৈ আহিছে এক নতুন প্ৰস্তাৱ। ইজৰাইলৰ মতে, হামাছে যদি গাজাত পণবন্দী হৈ থকা ইজৰাইলৰ আধা জনসাধাৰণক মুকলি কৰি দিয়ে, তেন্তে ইজৰাইলে ৪৫ দিনৰ যুদ্ধবিৰতি ঘোষণা কৰিব, অৰ্থাৎ যুদ্ধ বন্ধ কৰি দিব বুলি ঘোষণা কৰে। ইজৰাইলৰ পৰা অহা এই প্ৰস্তাৱৰ বিষয়ে হামাছে নিজেই ১৪ এপ্ৰিলত অৱগত কৰিছিল।
গাজাত এই মুহূৰ্তত যুদ্ধবিৰতিৰ অতি প্ৰয়োজন কাৰণ ৰাষ্ট্ৰসংঘই নিজেই মানি লৈছে যে, বৰ্তমান গাজা আটাইতকৈ ভয়াৱহ মানৱীয় সংকটৰ কবলত পৰিছে।
হামাছৰ এজন বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, ইজৰাইলে গাজা যুদ্ধৰ অন্ত পেলাবলৈ পেলেষ্টাইনী উগ্ৰপন্থীসকলক নিৰস্ত্ৰ কৰাৰো দাবী জনাইছিল যদিও এইটো “ৰঙা ৰেখা” অতিক্ৰম কৰাৰ দৰেই। বিষয়াগৰাকীয়ে কয় যে, ইজিপ্তৰ মধ্যস্থতাকাৰীসকলে তেওঁলোকক ইজৰাইলী প্ৰস্তাৱ আগবঢ়াইছে য’ত আছিল “চুক্তিখনৰ প্ৰথম সপ্তাহৰ ভিতৰত পণবন্দীসকলৰ আধাক মুকলি কৰি দিয়া, যুদ্ধবিৰতি কমেও ৪৫ দিনৰ বাবে বৃদ্ধি কৰা আৰু গাজালৈ সাহায্য স্থানান্তৰৰ অনুমতি দিয়া”।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘই সকীয়াই দিছিল যে, গাজাৰ মানৱীয় সংকট নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে, কেইবা সপ্তাহ ধৰি এই অঞ্চলটোত কোনো সাহায্য পোৱা নাই। যাৰ ফলত পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত গাজাত যুঁজি থকা ইজৰাইলে ২০২৫ চনৰ মাৰ্চ মাহত পেলেষ্টাইনৰ ভূখণ্ডত পুনৰ আক্ৰমণ আৰম্ভ কৰিব। যুদ্ধবিৰতি ভংগ হোৱাৰ পূৰ্বে ইজৰাইলে ২ মাৰ্চৰ পৰা মানৱীয় সাহায্যক বাধা দিছিল, যাৰ ফলত লাখ লাখ লোক স্থানচ্যুত হৈছিল। ৰাষ্ট্ৰসংঘই কয় যে, বৰ্তমান গাজাত চিকিৎসা সামগ্ৰী, ইন্ধন, পানী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ যথেষ্ট অভাৱ।