ছ’চিয়েল মিডিয়াত ওপৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই দিয়ে নেপাল চৰকাৰে নেপাল চৰকাৰে। তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে কয় যে ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
অৱশ্যে মন্ত্ৰী গুৰুঙে কয় যে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্তক লৈ চৰকাৰৰ কোনো আক্ষেপ নাই। তেওঁ কয় যে, ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে প্ৰতিবাদৰ বাবে যিয়ে ইয়াক অজুহাত হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কেবিনেটত কয় যে, নিষিদ্ধ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ কিছুমানে এনে সঁহাৰি দিছে যিয়ে নেপালৰ জাতীয় গৌৰৱক সন্মান নকৰে।
নেপালত ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছে। নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে জৰুৰী কেবিনেট বৈঠকৰ অন্তত চৰকাৰে ছ’চিয়েল মিডিয়া চাইট নিষিদ্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। গুৰুঙে কয় যে, কাঠমাণ্ডুৰ মাজভাগত সংসদৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা ‘GEN Z’ গোটৰ দাবী অনুসৰি ছ’চিয়েল মিডিয়া চাইটসমূহ পুনৰ আৰম্ভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহক সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিছে।
তিনিদিন পূৰ্বে নেপাল চৰকাৰে ফেচবুক আৰু ‘এক্স’কে ধৰি ২৬টা ছ’চিয়েল মিডিয়া চাইট কোনো বৈধ পঞ্জীয়ন নোহোৱাকৈ চলি থকাৰ বাবে নিষেধাজ্ঞাৰ নিৰ্দেশ দিছিল। প্ৰতিবাদকাৰী ‘GEN Z’ গোটক এই প্ৰতিবাদৰ অন্ত পেলাবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, সোমবাৰে একাংশ প্ৰতিবাদকাৰীয়ে সংসদ চৌহদত প্ৰৱেশ কৰি প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰে। ইয়াৰ পিছত আৰক্ষীয়ে কন্দুৱা গেছ আৰু গুলী ব্যৱহাৰ কৰি ভিৰ ছত্ৰভংগ দিব লগা হয়। ইফালে সোমবাৰে নিশাৰ পৰা পুনৰ কাৰ্যক্ষম হৈ পৰিছে ফেচবুক, এক্স আৰু হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়া চাইট।