মনোজ পাণ্ডেৰ অৱসৰৰ পিছতে দেশৰ স্থলসেনাৰ মুৰব্বীৰ পদত আনুষ্ঠানিকভাৱে নিযুক্ত হ’ল লেফটেনেন্ট জেনেৰেল উপেন্দ্র দ্বিবেদী। স্বাধীনোত্তৰ ভাৰতৰ ৩০সংখ্যক সেনাপ্রধান হিচাপে দায়িত্ব ল’লে অভিজ্ঞ বিষয়াগৰাকীয়ে।
উল্লেখ্য যে বিগত ১৫ ফেব্ৰুৱাৰিত স্থলসেনাৰ উপ-মুৰব্বী হিচাপে দায়িত্ব লাভ কৰিছিল জেনেৰেল দ্বিবেদীয়ে। কিন্তু মাত্র ৪ মাহৰ ভিতৰতে পদোন্নতি লাভ কৰি মুৰব্বী পদত অধিষ্ঠিত হ’ল দ্বিবেদী। অৰুণাচল সীমান্তৰ লগতে লাডাখত চীনা সেনাৰ আগ্রাসন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে সেনা প্ৰধান গৰাকীৰ।
ভাৰতীয় সেনাত ৪ দশকতকৈ অধিক কাল ধৰি সেৱা আগবঢ়াই আহিছে দ্বিবেদীয়ে। ৪০ বছৰীয়া চাকৰিকালত বেছিভাগ সময় উত্তৰ-পূব ভাৰতত বিভিন্ন পদবীত আছিল দ্বিবেদী। ১৮ জম্মু-কাশ্মীৰ ৰাইফলছৰ কমাণ্ড অব ৰেজিমেন্ট হিচাপে কর্মজীৱন আৰম্ভ কৰি আছাম ৰাইফলছ ব্রিগেড, ইন্সপেক্টৰ জেনেৰেল, আছাম ৰাইফলছ (পূব), হিমাচলৰ ৯ কর্পছসহ একাধিক গুৰুত্বপূর্ণ পদত ইতিমধ্যে সেৱা আগবঢ়াই আহিছে দ্বিবেদীয়ে।
২০২২ চনৰ পৰা ২০২৪ চনৰ আৰম্ভণিলৈকে নর্ডার্ন আর্মী কমাণ্ডাৰৰ ভাইচ চীফ অব আর্মী ষ্টাফ হিচাপে কৰ্মৰত আছিল দ্বিবেদী। লাডাখত চীনৰ সৈতে সীমা সংঘাতৰ পাছত দুয়োখন দেশৰ সেনা পৰ্যায়ৰ আলোচনাত সক্রিয় ভূমিকা পালন কৰিছিল এই অভিজ্ঞ বিষয়াগৰাকীয়ে। সেয়ে বিষয়াগৰাকীক স্থলসেনাৰ শীৰ্ষ বিষয়াৰ পদলৈ পদোন্নতি আচলতে সীমান্তত চীনা আগ্ৰাসনৰ বিৰুদ্ধে কৌশলী পদক্ষেপ বুলি চৰ্চা চলিছে।
লাডাখ, হিমাচল প্রদেশ, অৰুণাচল প্রদেশ আনকি ছিকিম সীমান্ততো লাহে লাহে ধৰা পৰি আহিছে চীনা সেনাৰ আগ্রাসন। স্বাভাৱিকভাৱেই নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তানতকৈ চীনক অধিক বিপজ্জনক বুলি গণ্য কৰি আহিছে ভাৰতে। জেনেৰেল উপেন্দ্র দ্বিবেদীক সেনা মুৰব্বীৰ দায়িত্ব দিয়াৰ বিষয়টোক লৈ বিশেষজ্ঞ মহলে দাবী কৰা অনুসৰি ভৱিষ্যতৰ কথা চিন্তা কৰিছে ভাৰতে।
১৯৬৪ চনৰ ১ জুলাইত জন্ম লাভ কৰা দ্বিবেদীয়ে বেৱাৰ সৈনিক স্কুলৰ লগতে নেচনেল ডিফেল কলেজ আৰু ইউ এছ আৰ্মী ৱাৰ কলেজতো অধ্যয়ন কৰিছিল। ইয়াৰ উপৰি ডিফেঞ্চ এণ্ড মেনেজমেন্ট ষ্টাডিজত এম ফিল আৰু ষ্ট্ৰেটেজিক ষ্টাডিজ তথা মিলিটাৰী ছায়েন্সত দুটাকৈ স্নাতকোত্তৰ ডিগ্রীও লাভ কৰিছিল দ্বিবেদীয়ে। ইতিমধ্যে পৰম বিশেষ সেৱা পদক তথা অতি বিশেষ সেৱা পদকসহ কেইবাটাও সামৰিক সম্মান লাভ কৰিছে দ্বিবেদীয়ে।