সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেশ্যন সিন্দূৰক পূৰ্ণ সমৰ্থন আগবঢ়াইছে জাৰ্মানীয়ে। জাৰ্মানীৰ বিদেশ মন্ত্ৰী জোহান ৱেডফুলে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে ভাৰতৰ। ইয়াৰ সমান্তৰালকৈ পেহেলগামত হোৱা নৃশংস আক্ৰমণকো তীব্ৰ নিন্দা জনাই জাৰ্মানীয়ে।
জাৰ্মানীৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, ‘২২ এপ্ৰিলত ভাৰতত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত আমি স্তম্ভিত। সাধাৰণ নাগৰিকৰ ওপৰত কৰা এই আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। প্ৰতিগৰাকী নিহত আৰু তেওঁলোকৰ পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। দুয়োপক্ষৰ সামৰিক আক্ৰমণৰ পিছত ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ সম্পূৰ্ণ অধিকাৰ নিশ্চয় আছে।’
বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সম্প্ৰতি দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ প্ৰচেষ্ট প্ৰশংসনীয়। দুয়োখন দেশে দ্বিপাক্ষিকভাৱে আলোচনা কৰি সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা চলাব লাগে বুলিও বিদেশ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।